ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আৰু ৩৬খন দেশৰ নাগৰিকৰ আমেৰিকাত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ বিষয়ে চিন্তাভাৱনা কৰিছে। ‘দ্য ৱাশ্বিংটন পোষ্ট’ৰ প্ৰতিবেদনত আমেৰিকাৰ বিদেশ দপ্তৰৰ এখন মেমোৰ উদ্ধৃতি দি এই কথা প্ৰকাশ পাইছে। চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্প প্ৰশাসনে ১২খন দেশৰ নাগৰিকৰ আমেৰিকাত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল আৰু আৰু সাতখন দেশৰ ওপৰত আংশিক নিষেধাজ্ঞা আৰোপ কৰিছিল। এইবাৰ সেই তালিকা আৰু দীঘলীয়া হ’ব পাৰে। যদিও হোৱাইট হাউছে এই বিষয়ে কোনো মন্তব্য কৰা নাই বুলি ‘দ্য ৱাশ্বিংটন পোষ্ট’ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
নতুনকৈ নিষেধাজ্ঞা আৰোপৰ সম্ভাৱনা থকা দেশসমূহৰ ভিতৰত ২৫খন আফ্ৰিকা মহাদেশৰ। আমেৰিকাৰ সংগী হিচাপে পৰিচিত মিশ্বৰ আৰু জিবুতিও এই তালিকাত আছে। মধ্য এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কেইখনমান দ্বীপৰাষ্ট্ৰৰ ওপৰতো এই নিষেধাজ্ঞা আৰোপৰ পৰিকল্পনা কৰা হৈছে। এই দেশসমূহ মূলতঃ দৰিদ্ৰ ৰাষ্ট্ৰ। অভিযোগ অনুসৰি, এই দেশসমূহৰ পৰা নাগৰিকসকলে প্ৰায়ে আমেৰিকাত প্ৰৱেশ কৰি অবৈধভাৱে তাত থাকি যায়। প্ৰতিবেদনত কোৱা হৈছে, আমেৰিকাৰ বিদেশ দপ্তৰৰ সচিব মাৰ্কো ৰুবিঅ’ৰ স্বাক্ষৰযুক্ত মেমো এখন শনিবাৰে তালিকাভুক্ত দেশসমূহৰ ৰাষ্ট্ৰদূতৰ ওচৰলৈ পঠিওৱা হৈছে। এই দেশসমূহক আমেৰিকাই ৬০ দিনৰ সময় দিছে, য’ত তেওঁলোকে জনাব লাগিব যে তেওঁলোকে আমেৰিকাই দিয়া ‘মানদণ্ড আৰু চৰ্ত’ মানি ল’ব নে নহয়। আগন্তুক বুধবাৰৰ পুৱাৰ ভিতৰত তেওঁলোকে এই বিষয়ে প্ৰাথমিক পদক্ষেপৰ কথা জনাব লাগিব।
আমেৰিকাৰ প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, দেশখনত প্ৰৱেশৰ বাবে কেইবাটাও ‘মানদণ্ড’ নিৰ্ধাৰণ কৰা হৈছে। নিষেধাজ্ঞাৰ সম্ভাৱনা থকা দেশসমূহৰ বহুতেই এই মানদণ্ড মানি চলিবলৈ ব্যৰ্থ হৈছে। এই দেশসমূহৰ কেইবাখনত নাগৰিকসকলক বৈধ পৰিচয়পত্ৰ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনো ব্যৱস্থা নাই। কিছুমান দেশত পৰিচয়পত্ৰৰ ক্ষেত্ৰত জালিয়াতিৰ অভিযোগো উত্থাপিত হৈছে। ইয়াৰ উপৰিও অভিযোগ আছে যে, এই দেশৰ কিছুমান নাগৰিকে আমেৰিকাত বিপুল ধন বিনিয়োগ কৰি নাগৰিকত্ব কিনে আৰু পিছত অপৰাধত জড়িত হয়। যদি এই ৩৬খন দেশে ট্ৰাম্প প্ৰশাসনৰ চৰ্তসমূহ পালন নকৰে, তেন্তে কেতিয়াৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হ’ব, সেয়া এতিয়াও স্পষ্ট নহয়।
মেমোত উল্লেখিত দেশসমূহ হ’ল— অ্যাংগোলা, অ্যান্টিগুৱা, বাৰ্বুডা, বেনিন, ভূটান, বুৰ্কিনা ফাচো, কাবো ভাৰ্দ, কম্বোডিয়া, কেমেৰুণ, ডেমোক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গো, জিবুতি, ডমিনিকা, ইথিঅ’পিয়া, মিশ্বৰ, গাবন, গাম্বিয়া, ঘানা, আইভৰি ক’ষ্ট, কিৰ্ঘিজস্তান, লাইবেৰিয়া, মালাৱি, মৰিশ্বানিয়া, নাইজাৰ, নাইজেৰিয়া, চেণ্ট কিটছ, নেভিছ, চেণ্ট লুচিয়া, ছাও টমে আৰু প্ৰিন্সিপ, চেনেগাল, দক্ষিণ ছুডান, চিৰিয়া, তানজানিয়া, টোঙ্গা, টুভালু, উগাণ্ডা, ভানুৱাটু, জাম্বিয়া, জিম্বাবোৱে।
ইয়াৰ পূৰ্বে দেশখনক ‘নিৰাপদ ৰাখিবলৈ’ ট্ৰাম্পে ১২খন দেশৰ নাগৰিকৰ আমেৰিকাত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এই দেশসমূহ হ’ল— আফগানিস্তান, ইৰাণ, ম্যানমাৰ , চাড, কঙ্গো, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইতি, লিবিয়া, ছোমালিয়া, ছুডান আৰু ইয়েমেন। ইয়াৰ উপৰিও সাতখন দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা জাৰি কৰা হৈছে, য’ত আছে— ভেনেজুৱেলা, বুৰুণ্ডি, কিউবা, লাওছ, চিয়াৰা লিয়ন, টোগো আৰু তুৰ্কমেনিস্তান। উল্লেখ্য যে, প্ৰথম দফাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালত ট্ৰাম্পে ইৰাণ আৰু আফগানিস্তানকে ধৰি কেইবাখনো দেশৰ নাগৰিকৰ আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিছিল।
