UCC কাৰ্যকৰী হোৱা উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য, কি এই অভিন্ন দেৱানী বিধি?

উত্তৰাখণ্ডত কাৰ্যকৰী হ’ল UCC অৰ্থাৎ অভিন্ন দেৱানী বিধি। সোমবাৰে কাৰ্যকৰী হোৱাৰ লগে লগে ৰাজ্যখনত সলনি হ’ল বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তি, উত্তৰাধিকাৰী আৰু অন্যান্য বহু বিষয়ৰ আইনী ব্যৱস্থা। উত্তৰাখণ্ড বিধানসভাত প্ৰায় এবছৰ পূৰ্বে গৃহীত হোৱা এই আইনী ব্যৱস্থা প্ৰযোজ্য হ’ব সকলো শ্ৰেণীৰ নাগৰিকৰ ক্ষেত্ৰত। UCC কাৰ্যকৰী হোৱা উত্তৰাখণ্ড হ’ল দেশৰ প্ৰথমখন ৰাজ্য। ২০২৪ৰ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত গৃহীত হৈছিল UCC বিধেয়ক। সোমবাৰৰ পৰা ৰাজ্যখনত কাৰ্যকৰী হ’ল UCC। ইয়াৰ লগে লগে সলনি হ’ল উত্তৰাখণ্ডৰ বহু সামাজিক আইন। ২০২২ৰ নিৰ্বাচনৰ পূৰ্বে এয়া আছিল বিজেপিৰ অন্যতম নিৰ্বাচনী প্ৰতিশ্ৰুতি। UCC বিধেয়ক প্ৰস্তুতিৰ সময়ৰে পৰা ই হৈ পৰিছিল বিতৰ্কৰ কেন্দ্ৰবিন্দু। বিৰোধী দলসমূহে ইয়াৰ বিৰোধিতা কৰি অহাৰ বিপৰীতে বিজেপি আৰু আন সহযোগী দলসমূহে যিকোনো প্ৰকাৰে ইয়াক কাৰ্যকৰী কৰাৰ চেষ্টা চলাই আহিছে। অৱশেষত UCC কাৰ্যকৰী হোৱা দেশৰ প্ৰথমখন ৰাজ্যৰূপে পৰিগণিত হ’ল উত্তৰাখণ্ড। প্ৰতি বছৰে ২৭ জানুৱাৰীৰ দিনটো উত্তৰাখণ্ডত ‘ইউনিফৰ্ম চিভিল কোড ডে’ ৰূপে পালন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ধামীয়ে ঘোষণা কৰে।

কি ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে এই অভিন্ন দেৱানী বিধিত? UCCৰ ফলত কি কি পৰিৱৰ্তন হ’ব উত্তৰাখণ্ডৰ আইনী ব্যৱস্থাত? UCC কাৰ্যকৰী হোৱাৰ লগে লগে সলনি হ’ব উত্তৰাখণ্ডৰ বিবাহ ব্যৱস্থা, বিবাহ বিচ্ছেদৰ আইন, সম্পত্তি তথা উত্তৰাধিকাৰী সম্পৰ্কীয় বহু আইনী ব্যৱস্থা। UCC অনুসৰি বিবাহৰ ক্ষেত্ৰত বাধ্যতামূলক হ’ব চৰকাৰী পঞ্জীয়ন। পঞ্জীয়ন অবিহনেও বিবাহৰ বৈধতা থাকিব। কিন্তু এনে বিবাহে নাপাব আইনগত স্বীকৃতি, নাপাব চৰকাৰী সাহায্য। বিবাহিত অৱস্থাত দ্বিতীয় বিবাহৰ অনুমতি নাপাব কোনোৱে। বিয়াৰ ক্ষেত্ৰত পুৰুষৰ ২১ বছৰ, মহিলাৰ ১৮ বছৰ হোৱাটো বাধ্যতামূলক। সকলো ধৰ্মৰ নাগৰিকৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব এই নিয়ম। সামাজিক বিবাহৰ পিছত ছমাহ পৰ্যন্ত সময় দিয়া হ’ব চৰকাৰী পঞ্জীয়নৰ বাবে। ‘লিভ ইন’ সম্পৰ্কক লৈও সন্নিৱিষ্ট কৰা হৈছে নতুন নিয়ম। ‘লিভ ইন’ সম্পৰ্কৰ এমাহৰ ভিতৰত চৰকাৰী নথিভুক্ত কৰাটো বাধ্যতামূলক। অন্যথা উভয়ে ভোগ কৰিব লাগিব কঠোৰ শাস্তি।


‘লিভ ইন’ দম্পতীক ঘৰ ভাড়া দিলে গোপনে ৰাখিব নোৱাৰিব তথ্য। ‘লিভ ইন’ক চৰকাৰী নথিভুক্ত নকৰিলে ৩ মাহৰ কাৰাদণ্ড, ১০ হাজাৰ টকাৰ জৰিমনা। ভুল তথ্য দিলে ৬মাহৰ কাৰাদণ্ড, ২৫ হাজাৰ টকালৈকে জৰিমনা। UCCক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন বিৰোধী দলে। এই ব্যৱস্থাই ব্যক্তিস্বাৰ্থ খৰ্ব কৰিব বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...