ইউক্ৰেইন যুদ্ধ আৰু অস্ত্ৰৰ বৰ্দ্ধিত চাহিদা

অচিন্ত্য শৰ্মা:

নৰৰক্তই আনি দিয়া বানিজ্যৰ সুযোগ!
চলিত ৰুছ ইউক্ৰেইন যুদ্ধই বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিলৈ কি পৰিবৰ্তন আনে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । কিন্তু এটা কথা ইতিমধ্যে স্পষ্ট হৈছে যে এই যুদ্ধই বিশ্ব অৰ্থনীতিলৈ উল্লেখযোগ্য পৰিবৰ্তন আনিব। বিশেষকৈ প্ৰতিৰক্ষা অৰ্থনীতিৰ ওপৰত যুদ্ধখনৰ প্ৰভাৱ হ’ব অপৰিসীম । কাৰণ ৰুছ আগ্ৰাসনৰ আতংকত ভুগিবলৈ আৰম্ভ কৰা ইউৰোপৰ প্ৰতিখন দেশে এতিয়া আৰম্ভ কৰিছে নিজৰ নিজৰ প্ৰতিৰক্ষা ব্যয় বা প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰিবলৈ ।এইক্ষেত্ৰত অধিক তৎপৰতা প্ৰদৰ্শন কৰিছে ৰুছিয়াৰ গাতে লাগি থকা পূব ইউৰোপৰ দেশসমূহ আৰু মস্কোৰ অন্যতম প্ৰধান শত্ৰু নাটো সামৰিক গোষ্ঠীৰ অন্তৰ্ভুক্ত দেশসমূহে। জাৰ্মানীয়ে কৰা ঘোষনা অনুসৰি সেইদেশে প্ৰতিৰক্ষা বাজেট এতিয়া দুগুন অধিক বৃদ্ধি কৰিব। ভাৰতীয় মুদ্ৰাৰ হিচাপত এইবাৰ জাৰ্মানীৰ প্ৰতিৰক্ষা বাজেট আছিল চাৰে তিনি লাখ কৌটি টকাত কৈ অলপ বেছি । এই বাজেট পৰবৰ্তী বিত্তীয় বৰ্ষত বৃদ্ধি কৰা হ’ব। প্ৰায় ৮লাখ কৌটি টকালৈ সামৰিক শিতানত ব্যয় কৰা হ’ব মুঠ ঘৰুৱা উতপাদনৰ কমেও ২ শতাংশ। নাটো গোষ্ঠীৰ অন্তৰ্ভূক্ত নোহোৱা অথচ অনবৰতে পুটিনৰ ধমকিৰ সন্মুখিন হৈ থকা দুই ইউৰোপীয়া দেশ ফিনলেন্ড আৰু ছুইডেনেও লৈছে প্ৰতিৰক্ষা শিতানত ব্যয় বৃদ্ধি কৰাৰ সিদ্ধান্ত। ফিনলেন্ড পৰৱৰ্তী ৪বছৰত প্ৰতিৰক্ষা ব্যয় ৭০ শতাংশ বৃদ্ধি কৰিব আৰু এই শিতানত অতিৰিক্তভাবে খৰছ কৰিব ভৰতীয় মূদ্ৰাৰ হিচাপত প্ৰায় ১৬ হাজাৰ কৌটি টকা । একেদৰে ছুইডেনেও নিজৰ প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰিব ঘৰুৱা উৎপাদনৰ ১.৩ শতাংশ ৰ পৰা ন্যূনতম ২শতাংশলৈ ।

ৰুছিয়াৰ বন্ধু ৰাষ্ট্ৰ বেলাৰুজ আৰু যুদ্ধবিধ্বস্ত ৰাষ্ট্ৰ ইউক্ৰেইনৰ মাজত আৱদ্ধ হৈ থকা নাটো ৰাষ্ট্ৰ পোলেন্ডৰ প্ৰতিৰক্ষা বাজেট বৃদ্ধি পাব উল্লেখযোগ্য হাৰত।পৰৱৰ্তী এটা বছৰৰ ভিতৰতে দেশখনে সামৰিক শিতানত মুঠ ঘৰুৱা উতপাদনৰ ৩শতাংশ পৰ্যন্ত ব্যয় কৰাৰ সিদ্ধান্ত লৈছে । বিশেষকৈ এই সময়চোৱাত পোলিছ স্থলসেনাৰ সংখ্যা বৃদ্ধি পাব ১লাখ ৪৩হাজাৰৰ পৰা তিনি লাখলৈ । ইয়াৰ বাবে পোলেন্ডৰ সংসদে ইতিমধ্যে গৃহিত কৰিছে “ডিফেন্স অৱ দা ফাদাৰলেন্ড বিল”। বাল্টিক সাগৰীয় সৰু দেশ লাটভিয়া ,লিথুআনিআ আৰু এষ্টোনিয়াইও সিদ্ধান্ত গ্ৰহন কৰিছে প্ৰতিৰক্ষাৰ ব্যয় বঢ়োৱাৰ ।পূৰ্বৰ ছোভিয়েট ৰাষ্টপুঞ্জৰ অন্তৰ্ভুক্ত এই দেশ তিনিখনে এতিয়া প্ৰতিৰক্ষা শিতানত মুঠ ঘৰুৱা উৎপাদনৰ ২.৫ শতাংশ ব্যয় কৰিব এই ব্যয় প্ৰধানকৈ কৰা হ’ব বায়ু প্ৰতিৰক্ষা প্ৰণালী ক্ৰয়ত। একেদৰে বেলজিয়ামে প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৯০ শতাংশ ১.৫৪ শতাংশলৈ,ৰোমানিয়াই ২.০২ শতাংশলৈ আৰু ইটালীয়ে ১.৪১ শতাংশলৈ বৃদ্ধি কৰিব তাৎপৰ্যপূৰ্ণভাবে ৰোমানিয়াই এই বৰ্ষতে নিজৰ প্ৰতিৰক্ষা ব্যয় যোৱা বছৰতকৈ ১৪ শতাংশ বৃদ্ধি কৰিছে। পৰিস্থিতি এতিয়া এনেকুৱা হৈছেগৈ যে ৰুছিয়াৰ পৰম্পৰাগত বন্ধুৰাষ্ট্ৰ বুলগেৰিয়াইও মস্কো মহলক বিশ্বাস কৰিব নোখোজা হৈছে । সেয়ে ইউক্ৰেইন যুদ্ধৰ পিছতেই এতিয়া বুলগেৰিয়াই সিদ্ধান্ত লৈছে প্ৰতিৰক্ষা বাজেট বৃদ্ধি কৰাৰ ।অকল ইউৰোপীয়া ৰাষ্ট্ৰসমূহেই নহয়,ৰুছিয়াৰ পৰম্পসৰাগত শত্ৰু তথা পূব-সীমান্তৱৰ্তী এছীয় ৰাষ্ট্ৰ জাপানেও শেহতীয়াভাবে জোৰ দিছে নিজৰ সেনাবাহিনীক শক্তিশালী কৰি তোলাত। লগে লগে বৃদ্ধি পাইছে দেশখনৰ সামৰিক ব্যয় আৰু বাজেট। একেদৰে সামৰিক ব্যয় বৃদ্ধি পাইছে দক্ষিন কোৰিয়াৰো। সকলোতকৈ গুৰুত্বপূৰ্ণ তথা তাতপৰ্যপূৰ্ণ কথা হৈছে এই যে ৰুছ আগ্ৰসনৰ ৰূপ দেখি ত্ৰস্তমান হোৱা খোদ মহাশক্তি মাৰ্কিন যুক্ত ৰাষ্ট্ৰয়ো বঢ়াইছে নিজৰ প্ৰতিৰক্ষা বাজেট। এই বৃদ্ধি হৈছে বিগত বৰ্ষৰ তুলনাত ৪ শতাংশ বা ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৫৭লাখ কৌটি টকা। প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ এই বিশ্বজোৰা প্ৰৱণতাই নি:সন্দেহে চৌদিশে অস্ত্ৰ-শস্ত্ৰৰ চাহিদা ব্যপকভাবে বৃদ্ধি কৰিব। সৃষ্টি হ’ব যুদ্ৰাস্ত্ৰৰ নতুন এখন বজাৰৰ। সুযোগ ল’বলৈ তৎপৰ হৈ উঠিব অস্ত্ৰ নিৰ্মানকাৰী প্ৰতিষ্ঠান আৰু অস্ত্ৰ ৰপ্তানীকাৰী দেশসমূহ। এনে প্ৰেক্ষাপটত হয়তো নতুন দিল্লীৰ বাবেও উচিত হ’ব সুযোগৰ সন্ধান কৰাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...