উদ্ধৱ থাকৰেৰ পৰিৱৰ্তিত স্থিতি আৰু শিৱসেনাৰ নতুন ৰাজনীতি

✒️অচিন্ত্য শৰ্মা

এক অভাবনীয় ঘটনাক্ৰমত মঙলবাৰে শিবসেনাই আগবঢ়ালে দ্ৰৌপদী মূৰ্মূৰ প্ৰতি নিজৰ সমৰ্থন। খোদ শিবসেনাপ্ৰধান উদ্ধৱ থাকৰেই প্ৰকাশ কৰিলে ৰাষ্ট্ৰপতি পদৰ এনডিএ প্ৰাৰ্থীগৰাকীৰ প্ৰতি নিজ দলৰ সমৰ্থনৰ কথা। ইয়াৰ লগে লগে প্ৰায় আনুষ্ঠানিকভাবে ভাঙি পৰিল শিৱসেনা-কংগ্ৰেছ এনচিপিৰ মহাজোঁটবন্ধন মহাৰাষ্ট্ৰ বিকাশ আঘাড়ী। মুকলি হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ নতুন এক সমীকৰণ সৃষ্টি হোৱাৰ নতুন এখন সম্ভাৱনাৰ দুৱাৰ। ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে দ্ৰৌপদী মূৰ্মূলৈ সমৰ্থন আগবঢ়াই উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন শিবসেনাই দিছে বিজেপি নেতৃত্বাধীন এনডিএলৈ প্ৰত্যাৱৰ্তনৰ স্পষ্ট ইংগিত। কাৰণ একনাথ সিন্দেৰ বিদ্ৰোহ আৰু অভ্যত্থানে একপ্ৰকাৰ নিঃসংগ আৰু অস্তিত্বহীন কৰি তুলিছে থাকৰে পৰিয়ালক; যিটো বহুদিনলৈ মহাৰাষ্ট্ৰৰ শক্তিকেন্দ্ৰ হৈ থকা পৰিয়ালটোৰ বাবে এক অসহনীয় পৰিস্থিতি।

অৱশ্যে আজিৰ তাৰিখত বিজেপিয়ে শিৱসেনাৰ বাবে এনডিএৰ দুৱাৰ কিমানখিন খুলি দিয়ে সেয়া এতিয়াও সন্দেহৰ বিষয়। কিন্তু এটা কথা ঐতিহাসিকভাবে সত্য যে এটা সময়ত মাৰাঠা জাতীয়তাবাদ আৰু হিন্দুত্বনিৰ্ভৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ সুন্দৰ সমণ্বয় ঘটাবলৈ সক্ষম হোৱা শিৱসেনা আছিল বহুদিনলৈ বিজেপিৰ একমাত্ৰ ৰাজনৈতিক সংগী তথা অতি বিস্বস্ত নিৰ্বাচনী সহযোগী। অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱাণীৰ লগত থকা বালাচাহেব থাকৰেৰ ব্যক্তিগত বন্ধুত্বই বিজেপি শিৱসেনা জোঁটবন্ধনক দিছিল এক নতুন মাত্ৰা। সেই ঈৰ্ষণীয় বন্ধুত্বৰ সোণালী দিনবোৰত বালাচাহেব থাকৰেৰ ৰাজনৈতিক তথা ৰাজহুৱা জীৱনৰ সহযোগী আছিল ভাতিজাক ৰাজা থাকৰে। ৰাজহুৱা জীৱনৰ পৰা বহু দূৰৈত থকা পুত্ৰ উদ্বৱ থাকৰে তেতিয়া ব্যস্ত থাকৰে পৰিয়ালৰ পাৰিবাৰিক ব্যৱসায় চম্ভালাত। বহু সংখ্যক মাৰাঠা বা মাহাৰাষ্ট্ৰবাসীয়ে আজিও বিশ্বাস কৰে যে যদিহে বালাচাহেব থাকৰেই অভিজ্ঞ পুত্ৰ উদ্ধৱ থাকৰে নিজৰ ৰাজনৈতিক উত্তৰাধিকাৰী পাকিলেহেঁতেন, তেনেহ’লে শিৱসেনাৰ বাবে আজি এনে অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন। পিচে জীৱনৰ বিয়লি বেলাত ধৃতৰাষ্ট্ৰ সদৃশ পুত্ৰস্নেহত অন্ধ হৈ পৰা বালাচাহেব থাকৰেৰ সলনি উদ্ধৱ থাকৰে সকলো সম্ভাৱনা আৰু প্ৰত্যাশাৰ বিপৰীতে ৰাজ থাকৰেৰ সলনি উদ্ধৱ থাকৰেৰ শিৱসেনাৰ নেতৃত্ব দি থৈ গ’ল আৰু উদ্ধৱ থাকৰেৰ নেতৃত্বত শিৱসেনায়ো বাট এৰি অবাটে গ’ল।

মহাৰাষ্ট্ৰৰ বহুসংখ্যক মানুহৰে ধাৰণা, আদৰ্শচ্যুতি তথা ডিএনএৰ পৰিবৰ্তে ৰাজনৈতিক দল একোটাৰ কি কি ক্ষতি হ’ব পাৰে সেয়া অনুমান কৰিব পৰা নাছিল অনভিজ্ঞ উদ্ধৱ থাকৰেই। বাজপেয়ীয়ে সন্মুখীন হোৱা পৰিণতিৰ পৰাও তেওঁ একো শিকিব পৰা নাছিল। যাৰবাবে দলীয় আদৰ্শৰ বিপৰীতে গৈ উদ্ধৱ থাকৰেই শিবসেনাক সংগী কৰাইছিল কংগ্ৰেছ আৰু এনচিপিৰ নিচিনা দলৰ। পিচে সেযাই কাল হ’ল। উদ্ধৱ থাকৰে এৰিব পাৰিলেও শিনসেনাৰ ভিতৰৰ বহুতে এৰিব নোৱাৰিব দলৰ আদৰ্শ। যাৰ পৰিণতিত আজি সকলোৰে চকুৰ আগত। তাত্পৰ্যপূৰ্ণভাবে হিন্দুত্বৰ প্ৰশ্নত এখন চৰকাৰ ভাঙি যোৱা আৰু নতুন এখন চৰকাৰ গঠন হোৱা ঘটনা ভাৰতত এয়াই প্ৰথম। হয়তো এই ঘটনাৰ পিছতেই উদ্ধৱ থাকৰেই উপলদ্ধি কৰিছে তেঁওৰ ক’ত ভুল হ’ল। আৰু হয়তো সেই ভুল শুধৰণিৰেই প্ৰথম পদক্ষেপ দ্ৰৌপদী মূৰ্মূৰ প্ৰতি মুকলি সমৰ্থন। ইতিমধ্যে শিৱসেনাৰ পৰা পৃথক হৈ মহাৰাষ্ট্ৰ নবনিৰ্মাণ সেনা গঠন কৰা ৰাজথাকৰেও উভতি আহিছে কঠোৰ হিন্দুত্ববাদী ৰাজনীতিলৈ। এনে অৱস্থাত ৰাজ্যখনৰ বহুতৰে আশা এদিন উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেও পুনৰ একত্ৰিত হ’ব আৰু শিবসেনাই আকৌ আৰম্ভ কৰিব মাৰাঠা জাতীয়তাবাদ আৰু হিন্দুত্বনিৰ্ভৰ সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ সন্তুলিত ৰাজনীতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘তোমাৰ স্থান জে’লত…’; উচ্চতম ন্যায়ালয়ত কিয় ভৰ্ৎসনা বলিউদৰ অভিনেতা ৰাজপাল যাদৱক?

চেক বাউন্সৰ দীৰ্ঘদিনীয়া গোচৰত আদালতৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়ৰ...

মহানগৰীত উদণ্ড চালকৰ অতপালি; কৰ্তব্যৰত আৰক্ষীক মহটিয়াই পলায়নৰ চেষ্টা

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে উদণ্ড চালকৰ অতপালি। কৰ্তব্যৰত...

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত EVM বিকল; ভোটগ্ৰহণৰ মাজতে হাহাকাৰ

আজি অনুষ্ঠিত হৈছে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা...