১৯-অনুৰ্ধ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ প্ৰতিজন সদস্যলৈ ৪০ লাখকৈ পুৰষ্কাৰ BCCIৰ

১৯ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত পঞ্চম বাৰৰ বাবে খিতাপ অৰ্জন কৰিলে টীম ইণ্ডিয়াই। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ফাইনেল মেচখনত ইংলেণ্ডে প্ৰথমে বেট ধৰি ৪৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত ভাৰতে ৬ উইকেটৰ বিনিয়মত ৪৭.৪ অভাৰত ১৯৫ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াৰ হৈ ছেইক ৰছিদে ৫০ আৰু নিচান্ত সিন্ধুৱে ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। ৩১ ৰান দি ৫ টা উইকেট দখল কৰা ৰাজ বাৱা হয় মেন অব দ্য মেচ। ১৯ অনুৰ্ধৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ প্ৰতিজন সদস্যক ৪০ লাখকৈ বৰঙণি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে বিচিচিআয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...