১৯-অনুৰ্ধ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ প্ৰতিজন সদস্যলৈ ৪০ লাখকৈ পুৰষ্কাৰ BCCIৰ

0 210

১৯ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত পঞ্চম বাৰৰ বাবে খিতাপ অৰ্জন কৰিলে টীম ইণ্ডিয়াই। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ফাইনেল মেচখনত ইংলেণ্ডে প্ৰথমে বেট ধৰি ৪৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত ভাৰতে ৬ উইকেটৰ বিনিয়মত ৪৭.৪ অভাৰত ১৯৫ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াৰ হৈ ছেইক ৰছিদে ৫০ আৰু নিচান্ত সিন্ধুৱে ৫০ ৰানৰ বৰঙণি আগবঢ়ায়। ৩১ ৰান দি ৫ টা উইকেট দখল কৰা ৰাজ বাৱা হয় মেন অব দ্য মেচ। ১৯ অনুৰ্ধৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ প্ৰতিজন সদস্যক ৪০ লাখকৈ বৰঙণি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে বিচিচিআয়ে।

Leave A Reply

Your email address will not be published.