ডিঙিত স্থেথিস্কোপ ওলোমাই ফাৰ্মাছীত চলাই আছিল নিচাযুক্ত দৰৱৰ ব্যৱসায়, জালত দুজন

ডিঙিত স্থেথিস্কোপ ওলোমাই ঠিয় হৈ থকা লোকক দেখিলে বহু সময়ত চিকিৎসক নহ’বও পাৰে ৷ ডিঙিত স্থেথিস্কোপ ওলোমাই একাংশই ফাৰ্মাছী খুলি চিকিৎসাৰ নামত অবৈধভাবে চলাই আহিছে নিচাযুক্ত দৰৱৰ ব্যৱসায় ৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই কেওটকুছি গাঁৱৰ এখন ফাৰ্মাছীৰ পৰা সহস্ৰাধিক নিচাযুক্ত টেবলেটসহ ফাৰ্মাচীখনৰ গৰাকী আব্দুল জলিল আৰু ছাহিল মেহবু হাছান নামৰ আন এজন যুৱকক আটক কৰে৷ ধৃত আব্দুল জলিলৰ ঘৰ বহৰিৰ হৰিপুৰত আৰু ছাহিল মেহবু হাছানৰ ঘৰ ভেৰালদি গাঁৱত ৷ ছাহিল মেহবু হাছানৰ স্বীকাৰোক্তিৰ ভিত্তিত ফাৰ্মাছীৰ গৰাকীজনক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ একাংশ ফাৰ্মাচীত এনেদৰে অবৈধভাবে বিক্ৰী হৈ আহিছে নিচাযুক্ত টেবলেট আৰু নিষিদ্ধ কফ চিৰাপ ৷ বহৰিৰ হৰিপুৰৰ আব্দুল জলিল নামৰ লোকজনে যোৱা কিছু বছৰ ধৰি কেওঁটকুছি চ’কত ফাৰ্মাচীৰ ব্যৱসায়ৰ নামত নিচাসুক্ত ব্যৱসায় চলাই আহিছিল ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...