নুনমাটিৰ শিহৰণকাৰী ডকাইতিত জড়িত দুজনক গ্ৰেপ্তাৰ

ক্ৰমাত যেন নিৰাপত্তাহীন হৈ পৰিছে ৰাজ্যবাসী। ঘৰৰ ভিতৰতো যেন এতিয়া নিৰাপত্ত নাই পুৰুষ-মহিলা, ধন-সম্পত্তিৰ। নিৰাপত্তা নাই গুৱাহাটীতো। মহানগৰীৰ নুনমাটিত সংঘটিত হৈছিল এটা শিহৰণকাৰী ডকাইতিৰ ঘটনা। ডকাইতিত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নুনমাটিৰ ১ নং আনন্দ নগৰত শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত মাতৃ-পুত্ৰৰ হাত ভৰি বান্ধি অকথ্য নিৰ্যাতন চলাইছিল এটা ডকাইতৰ দলে। শুকুৰবাৰে পুৱতি নিশা নুনমাটি আনন্দ নগৰত সংঘটিত ডকাইতি সন্দৰ্ভত ২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। শনিবাৰে মহানগৰ আৰক্ষীয়ে নুনমাটিৰ নিজৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুই দুৰ্ধৰ্ষ ডকাইত খবিৰ আলী ওৰফে সৰু আৰু আব্দুল আলীক। ঘটনাৰে জড়িত আৰু ৪টা ডকাইত এতিয়াও পলাতক। ধৃত দুই ডকাইতৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে নুনমাটি আৰক্ষীয়েও। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাৰ ঘটনা সেয়া। নুনমাটি ১ নং আনন্দ নগৰৰ নিবাসী ইভা আইণ্ড কল্লুৰ ঘৰত প্ৰৱেশ কৰিছিল ৬ জনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলটো। বৃহস্পতিবাৰে দিনৰ ভাগত মাটি বিক্ৰী কৰি ৮০ লাখ টকা পাইছিল পৰিয়ালটোৱে। সেই ধন লুণ্ঠনৰ লক্ষ্য লৈয়েই পাকঘৰৰ খিৰিকীৰ গ্ৰীল ভাঙি ঘৰটোত প্ৰৱেশ কৰিছিল দলটো। শেষ নিশা তেতিয়া গভীৰ টোপনিত ইভা আইণ্ড আৰু ১৫ বছৰীয়া পুত্ৰ বাবু আইণ্ড কল্লু। দুয়োকে প্ৰথমে মুখত সোপা দি অস্ত্ৰ দেখুৱাই মৃত্যুৰ ভাবুকি দি ধনৰ সন্ধান বিচাৰে ডকাইতৰ দলটোৱে। দুয়োকে নিৰ্মমভাৱে প্ৰহাৰ কৰি আলমাৰি খুলি নগদ ৬০ হাজাৰ টকা আৰু প্ৰায় ৪ লাখ টকাৰ সোণৰ অলংকাৰ লুটি নিয়ে ডকাইতৰ দলটোৱে।

তাৰ পিছতো ক্ষান্ত হোৱা নাছিল ডকাইতৰ দলটো। কাৰণ ৮০ লাখ টকাৰ সন্ধান তেতিয়াও পোৱা নাছিল ডকাইতৰ দলটোৱে। ৮০ লাখ টকাৰ সন্ধান বিচাৰি মাতৃ-পুত্ৰৰ হাত-ভৰি বান্ধি চলোৱা হৈছিল অকথ্য নিৰ্যাতন। কিন্তু মাটি বিক্ৰী কৰি পোৱা ৮০ লাখ টকা বেংকত থৈ অহা বাবেই ৰক্ষা পৰিছিল সেই ধন বিচাৰি অহা ৮০ লাখ টকাৰ সন্ধান উলিয়াব নোৱাৰি নগদ ৬০ হাজাৰ টকা আৰু ৪ লাখ টকাৰ সোণৰ আ-অলংকাৰ লৈয়ে মাতৃ-পুত্ৰক অত্যাচাৰ কৰিয়েই আঁতৰি যায় ডকাইতৰ দলটো। শুকুৰবাৰে ঘটনাস্থলীত পুংখানুপুংখ অনুসন্ধান চলায় নুনমাটি আৰক্ষীয়ে। ঘটনাস্থীৰ পৰা এযোৰ চেণ্ডেল, লোৰ চাবুক আৰু এটা ভঙা তলা উদ্ধাৰ কৰে আৰক্ষীয়ে। শুকুৰবাৰে দিনৰ ভাগৰ পৰা সমগ্ৰ নিশা অভিযান চলাই এই শিহৰণকাৰী ডকাইতিৰে জড়িত খবিৰ আলী ওৰফে সৰু আৰু আব্দুল আলীক নুনমাটি নিজৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পলাতক আন ৪ টা ডকাইতৰ সন্ধানতো জোৰদাৰ অভিযান অব্যাহত ৰাখিছে নুনমাটি আৰক্ষীয়ে।

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত নলবাৰী জিলাৰ মুকালমুৱা দমদমাতো সংঘটিত হ’ল এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। যি ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। ঘটনাত গুলীবিদ্ধ হৈছিল জাকিৰ আলী নামৰ এজন ব্যৱসায়ী। গুলীবিদ্ধ জাকিৰ আলীক শুকুৰবাৰে সন্ধিয়াই নলবাৰীৰ শুশ্ৰূষা হাস্পতালত ভৰ্তি কৰা হয়। অৱশ্যে বৰপেটা জিলাৰ চতলা অঞ্চলৰ নিবাসী গুলীবিদ্ধ জাকিৰ আলীক নিশালৈ বৰপেটাৰ সেৱা নাৰ্ছিং হোমত ভৰ্তি কৰে পৰিয়ালে। চিকিৎসৰ মতে জাকিৰ আলী সম্প্ৰতি সংকটমুক্ত। হাস্পতালৰ বিচনাতে NKTVৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত ঘটনাৰ শিহৰণকাৰী বৰ্ণনা জাকিৰ আলীৰ। বাইকত মাস্ক পিন্ধি আহিছিল অস্ত্ৰধাৰী ৩ দুৰ্বৃত্ত। দমদমাত জোতা-ছেণ্ডেলৰ দোকান আছে জাকিৰ আলীৰ। দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ লওঁতেই দুৰ্বৃত্তৰ দলটোৰ এজনে জাকিৰক ভৰিত গুলীয়ায়। লগে লগে বাইকৰ পৰা পৰি ঢলি পৰে জাকিৰ আলী। ব্যৱসায়ীজনৰ বাইকত ওলমি থকা বেগটো কাঢ়ি নি নিৰ্বিঘ্নে আঁতৰি যায় দুৰ্বৃত্তৰ দলটো। জাকিৰ আলীৰ বেগটোত আছিল ৫ লাখ ১০ হাজাৰ টকা। ঘটনাৰ আকস্মিকতাত মুক হৈ পৰে সতীৰ্থ ব্যৱসায়ী আৰু জাকিৰ আলীৰ দোকানৰ মালিক। আন দিনাৰ দ্বৰে শুকুৰবাৰেও দোকান বন্ধ কৰি বাইকেৰে ঘৰলৈ উভতিছিল জাকিৰ আলী। তেতিয়া বাইকত অহা ৩ জনীয়া দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে জাকিৰক। শুকুৰবাৰে ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। নলবাৰীৰ আৰক্ষী অধীক্ষকেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰু তদন্ত আৰম্ভ কৰি ২৪ ঘন্টা নহওঁতেই এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। শুকুৰবাৰে নিশাৰে পৰা ৩ দৰ্বৃত্তৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰি নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্ধৰ্ষ ডকাইত হামিদ আলীক। হাজোৰ মেলপাৰাত আৰক্ষীৰ জালত পৰে হামিদ আলী। মুকালমুৱাৰে বুল্লুটপাৰত ঘৰ ৱান্টেড ডকাইত হামিদ আলীৰ। শুকুৰবাৰৰ ডকাইতি কাণ্ডত ব্যৱহৃত পিষ্টলটোও হামিদ আলীৰ জিম্মাৰ পৰা জব্দ কৰে আৰক্ষীয়ে। ঘটনাৰে জড়িত আন দুটা ডকাইতৰ সন্ধানতো মাৰাথন অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Popular

More like this
Related

৩ মহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত শোকাৱহ ঘটনা। ৩ মহলীয়া অট্টালিকা খহি...

গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ

আজি গণেশ চতুৰ্থী। গণেশ পূজাৰে আৰম্ভ হ’ল পূজাৰ বতৰ।...

উত্তৰ-পূৱ বেডমিণ্টন: দলীয় শাখাৰ ছেমিত অসমৰ পুৰুষ-মহিলা, ল’ৰা-ছোৱালী

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

জীৱনৰ নতুন অধ্যায় আৰম্ভণিৰ বাবে সাজু ৰণবীৰ-দীপিকা

শীঘ্ৰে পিতৃ-মাতৃৰ পৰিচয়েৰে পৰিচিত হ’ব বলিউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং...