ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা ভিন্ন অভিযোগত অভিযুক্ত দুগৰাকী বিশেষ মহিলা। বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড় থানাৰ মহিলা লক আপত আছে ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত চুমি বৰা। শনিবাৰে নিশাৰে পৰা একেটা লক আপৰ আলহী হৈছে চাবুৱাত স্বামী হত্যাৰ অভিযোগত অভিযুক্ত প্ৰহেলিকা বৰুৱা। ৫ দিনৰ বাবে SITৰ জিম্মাত থকা চুমি বৰাৰ লক আপত আজি চতুৰ্থ দিন। ইপিনে স্বামী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈ দুদিনৰ বাবে চাবুৱা আৰক্ষী জিম্মাত থকা প্ৰহেলিকা বৰুৱাই প্ৰথমটো নিশা কটালে ডিব্ৰুগড় থানাৰ লক আপত। চাবুৱাৰ জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ নৃশংস হত্যাৰ অভিযোগত প্ৰহেলিকাক দুদিনৰ জিম্মালৈ আনিছে আৰক্ষীয়ে। ধৃত আন দুই অভিযুক্ত মায়ান্ত গগৈ আৰু ভাস্কৰ শইকীয়াক শনিবাৰেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

একেলগে ২ চৰ্চিত
একেটা লক আপত ২ চৰ্চিত মহিলা
চুমি বৰা আৰু প্ৰহেলিকা বৰুৱা

দুটা ভিন্ন অভিযোগত অভিযুক্ত ডিব্ৰুগড় সদৰ থানাৰ মহিলা লক আপৰ আলহী হৈছেগৈ চুমি আৰু প্ৰহেলিকা।
বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰিৰ গোচৰ ১০ দিনে পলাতক হৈ থকাৰ পিছত বৃহস্পতিবাৰে স্বামী তাৰ্কিক বৰাসহ আত্মসমৰ্পন কৰি ৫ দিনৰ আৰক্ষী জিম্মাত আছে চুমি বৰা। ইপিনে ৯ ছেপ্তেম্বৰৰ নিশা চাবুৱাত স্বামী মাধুৰ্য বৰুৱাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ অভিযুক্ত হৈ দুদিনৰ বাবে চাবুৱা আৰক্ষীৰ জিম্মাত আছে প্ৰহেলিকা বৰুৱা। চাবুৱা থানাত মহিলাৰ বাবে নাই বিশেষ লক আপ। সেয়ে ডিব্ৰুগড় থানাৰ মহিলা লক আপত ৰখা হৈছে প্ৰহেলিকাক। শনিবাৰে নিশা লক আপত প্ৰথমটো নিশা কটালে প্ৰহেলিকা বৰুৱাই।

মাধুৰ্য হত্যাত পত্নী
প্ৰহেলিকা বৰুৱাই সংঘটিত কৰা ঘটনাক লৈ আজিও সমগ্ৰ চাবুৱাত বিৰাজ কৰিছে চেপা উত্তেজনাই। শুকুৰবাৰে নিশা আৰক্ষীৰ সন্মুখত স্বামীক হত্যা কৰাৰ বিস্ফোৰক ভাষ্য প্ৰদান কৰিছিল প্ৰহেলিকা বৰুৱাই। মায়ান্ত গগৈ নামৰ আন এজন যুৱকৰে আছিল প্ৰহেলিকাৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক। পৰকীয়া প্ৰেমক বাস্তৱ ৰূপ দিবলৈয়ে স্বামী হত্যাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল প্ৰহেলিকাই। প্ৰহেলিকাৰ স্বীকাৰোক্তিৰ ভিত্তিতে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল প্ৰহেলিকাৰ প্ৰেমিক মায়ান্ত গগৈ আৰু ভাস্কৰ শইকীয়া নামৰ আৰু এটা সহযোগী। আটাইকে শনিবাৰেই আদালতত হাজিৰ কৰা হৈছিল। প্ৰহেলিকাক দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰি মায়ান্ত আৰু ভাস্কৰক ন্যায়িক জিম্মা প্ৰদান কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে আদালতে।

আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি – প্ৰহেলিকাই নিজেই কৰিছিল মাধুৰ্য হত্যাৰ পৰিকল্পনা
শ্লিপিং টেবলেট খুৱাই শুৱাই দিছিল স্বামী মাধুৰ্যক
নিশা প্ৰায় ১.১৫ বজাত আহিছিল হত্যাকাৰীৰ দল
৪ হত্যাকাৰীয়ে হানি-খুচি, মৰিয়াই হত্যা কৰিছিল মাধুৰ্যক

চলনাময়ী প্ৰহেলিকা বৰুৱাৰ এই ভাষ্যৰ বিপৰীতে ধৃত ২ অভিযুক্ত মায়ান্ত আৰু ভাস্কৰৰ ভাষ্য আছিল বিপৰীত। শনিবাৰে আদালতলৈ নিয়াৰ পূৰ্বে মায়ান্ত-ভাস্কৰৰ বিস্ফোৰক ভাষ্য।

প্ৰহেলিকাই নিজেই হত্যা কৰিছিল স্বামী মাধুৰ্যক
হত্যাৰ অভিপ্ৰায়েৰে যোৱা দুৰ্বৃত্তৰ দলে মৃতদেহহে পাইছিল মাধুৰ্যৰ

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে প্ৰহেলিকায়ো আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল। ঘৰতে বহি সংবাদমাধ্যমক দিছিল নাটকীয় ভাষ্য। ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত চুমি বৰাৰ দৰেই চলনাময়ী প্ৰহেলিকা। চুমি বৰায়ো আত্মসমৰ্পনৰ পূৰ্বে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল নাটকীয় ভিডিঅ’ বাৰ্তা।

ডিব্ৰুগড় সদৰ থানাৰ মহিলা লক আপৰ আলহী চুমি বৰা আৰু প্ৰহেলিকা বৰুৱাৰ এনে চলনাত কিন্তু এতিয়ালৈ ভোল যোৱা নাই আৰক্ষী আৰু আদালত। বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰিত জড়িতৰ অভিযোগত আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছে চুমি বৰা। ইপিনে স্বামী মাধুৰ্য বৰুৱাৰ হত্যাৰ অভিযোগত চাবুৱা আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন হৈছে প্ৰহেলিকা বৰুৱা। কেৱল প্ৰহেলিকাক হে আৰক্ষী জিম্মালৈ অনাৰ বাবে আদালতকো পতিয়ন নিয়াবলৈ সক্ষম হৈছে চাবুৱা আৰক্ষী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...