পিতৃৰ মৃত্যু হৈছিল ৬ বছৰ পূৰ্বে, তিনিদিন পূৰ্বে মৃত্যু হ’ল অসুস্থ মাতৃৰো

ব্যস্ততাৰ পৃথিৱীত জীৱন এক সংগ্ৰাম । কোনোবাই ত্যাগ কৰে, কোনোবাই গ্ৰহণ কৰে । ইয়াৰ মাজতেই পোৱা-নোপোৱাৰ হিচাপ চলে জীৱনৰ। সংগ্ৰামৰ পৃথিৱীত বহুতে জীৱনক লৈ সুখী বুলিলেও কিছু সংখ্যকে সুখৰ অনুভূতিৰ পৰা আঁতৰি জীয়াই থকাৰ বাবে চিন্তা কৰিব লগা হয়। বঙাইগাঁও জিলাৰ বইটামাৰী ঢাকনাবাৰীৰ দুই ভাতৃ-ভগ্নীৰ জীৱন কাহিনী শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব।

পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিঠৰুৱা দুই ভাতৃ-ভগ্নী। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া, পিতৃৰ মৃত্যু হৈছিল ৬ বছৰ পূৰ্বে। তাৰ পাছতেই মাতৃয়ে চাহৰ দোকান দি দুই সন্তানক দিছিল পোহপাল। পালন কৰিছিল দেউতাকৰ সমস্ত দায়িত্ব। দুই সন্তানক পঢ়ুৱাই ডাঙৰ মানুহ কৰাৰ লৈছিল পণ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস।

তিনিদিন পূৰ্বে অসুস্থ মাতৃৰো মৃত্যু। যাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে দুই ভাতৃ-ভগ্নী।

উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব জ্যেষ্ঠ ভগ্নী মৰমী বৰ্মন। সপ্তম শ্ৰেণীত অধ্যয়নৰত ভাতৃ অৰূপ বৰ্মন। সেয়ে এতিয়া দুয়োকে প্ৰয়োজন আপোনাৰ মোৰ অকনমান সহায়ৰ। কোনো সদাশয় ব্যক্তিয়ে অসহায় দুই ভাতৃ-ভগ্নীক সহায় কৰিব বিচাৰিলে 7086268650 নম্বৰত যোগাযোগৰ আহ্বান

পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিঠৰুৱা হোৱা বঙাইগাঁৱৰ দুই ভাতৃ-ভগ্নীৰ কাষত এতিয়া থিয় হৈছে বিভিন্নজন। বিভিন্নজনে দুয়োলৈ আগবঢ়াইছে খাদ্য, বস্ত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...