পিতৃৰ মৃত্যু হৈছিল ৬ বছৰ পূৰ্বে, তিনিদিন পূৰ্বে মৃত্যু হ’ল অসুস্থ মাতৃৰো

ব্যস্ততাৰ পৃথিৱীত জীৱন এক সংগ্ৰাম । কোনোবাই ত্যাগ কৰে, কোনোবাই গ্ৰহণ কৰে । ইয়াৰ মাজতেই পোৱা-নোপোৱাৰ হিচাপ চলে জীৱনৰ। সংগ্ৰামৰ পৃথিৱীত বহুতে জীৱনক লৈ সুখী বুলিলেও কিছু সংখ্যকে সুখৰ অনুভূতিৰ পৰা আঁতৰি জীয়াই থকাৰ বাবে চিন্তা কৰিব লগা হয়। বঙাইগাঁও জিলাৰ বইটামাৰী ঢাকনাবাৰীৰ দুই ভাতৃ-ভগ্নীৰ জীৱন কাহিনী শুনিলে আপোনাৰো দুচকু সেমেকি উঠিব।

পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিঠৰুৱা দুই ভাতৃ-ভগ্নী। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া, পিতৃৰ মৃত্যু হৈছিল ৬ বছৰ পূৰ্বে। তাৰ পাছতেই মাতৃয়ে চাহৰ দোকান দি দুই সন্তানক দিছিল পোহপাল। পালন কৰিছিল দেউতাকৰ সমস্ত দায়িত্ব। দুই সন্তানক পঢ়ুৱাই ডাঙৰ মানুহ কৰাৰ লৈছিল পণ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস।

তিনিদিন পূৰ্বে অসুস্থ মাতৃৰো মৃত্যু। যাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে দুই ভাতৃ-ভগ্নী।

উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব জ্যেষ্ঠ ভগ্নী মৰমী বৰ্মন। সপ্তম শ্ৰেণীত অধ্যয়নৰত ভাতৃ অৰূপ বৰ্মন। সেয়ে এতিয়া দুয়োকে প্ৰয়োজন আপোনাৰ মোৰ অকনমান সহায়ৰ। কোনো সদাশয় ব্যক্তিয়ে অসহায় দুই ভাতৃ-ভগ্নীক সহায় কৰিব বিচাৰিলে 7086268650 নম্বৰত যোগাযোগৰ আহ্বান

পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিঠৰুৱা হোৱা বঙাইগাঁৱৰ দুই ভাতৃ-ভগ্নীৰ কাষত এতিয়া থিয় হৈছে বিভিন্নজন। বিভিন্নজনে দুয়োলৈ আগবঢ়াইছে খাদ্য, বস্ত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...