ভয়ংকৰ বিমান দুৰ্ঘটনাত ১২জনকৈ লোকৰ মৃত্যু

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰিছে বিশ্ব। আমেৰিকাৰ মিচৌৰীত সংঘটিত হৈছে ভয়ংকৰ অঘটন। বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১২জনকৈ লোকে। বিমানখনত আছিল ১১জন স্কাই ডাইভাৰ আৰু এজন পাইলট। বাটলাৰ মেমৰিয়েল বিমান বন্দৰৰ পৰা উৰণ আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতেই দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ভূ-পতিত হৈ দপদপাই জ্বলি উঠে বিমানখন।

যান্ত্ৰিক বিজুতিৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ কৰা হৈছে যদিও এতিয়াও স্পষ্ট নহয় বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ। ইতিমধ্যে ঘটনাক লৈ বিভাগীয় কৰ্তৃপক্ষই আৰম্ভ কৰিছে তদন্ত।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...