হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে

পুনৰ আহিছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ। ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। মাজ আকাশতে দুখন হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষৰ পিছতে জ্বলি উঠে হেলিকপ্টাৰ দু্খন। এই হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে। সংঘৰ্ষৰ পিছতেই এটা পাৰ্কিঙত ভূ-পতিত হয় হেলিকপ্টাৰ দুখন। তেতিয়াই পাৰ্কিঙত থকা কেইবাখনো বাহনত লাগে জুই। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে ঘোষণা কৰা হৈছে তদন্ত।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...