বিবাহৰ উদ্দেশ্যৰে জনপ্ৰিয় টি.ভি এংকৰক অপহৰণ কৰিলে যুৱতীয়ে!

বিয়া পাতিবলৈ আপুনি বাৰু কি কৰিব পাৰে? নাইবা অন্য লোকে কি কৰা শুনিছে? হয়তো পলুৱাই নিয়া নাইবা পলাই যোৱাৰ কথা নিশ্চয়কৈ শুনিছে। কিন্তু বিয়াৰ বাবেই অপহৰণ কৰাৰ কথা শুনিছেনে? আচৰিত যেন লাগিলেও এইবাৰ তেনে এক ঘটনাই এইখন দেশত। য’ত বিয়াৰ বাবেই এগৰাকী যুৱতীয়ে অপহৰণ কৰিলে এজন জনপ্ৰিয় টি.ভি এংকৰক।

ঘটনা তেলেংগানাৰ। শেহতীয়াকৈ তেলেংগানা আৰক্ষীয়ে এগৰাকী মহিলা ব্যৱসায়ীক এজন টেলিভিছন এংকৰক বিয়াৰ উদ্দেশ্যৰে অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে যুৱতীগৰাকীক ভোগিৰেড্ডী তৃষ্ণা (৩১) বুলি চিনাক্ত কৰিছে। মহিলাগৰাকীয়ে ডিজিটেল মাৰ্কেটিঙৰ ব্যৱসায় কৰে। উল্লেখ্য যে দুবছৰ আগতে মহিলাগৰাকীয়ে এটা বৈবাহিক ৱেবছাইটত এংকৰজনৰ ফটো দেখি তেওঁৰ প্ৰেমত পৰিছিল।

ইয়াৰ পিছত, তৃষ্ণাই প্ৰণৱৰ ফোন নম্বৰ সংগ্ৰহ কৰি এটা মেচেজিং এপৰ জৰিয়তে প্ৰণৱৰ সৈতে যোগাযোগ কৰিছিল। এই সন্দৰ্ভত, প্ৰণৱে তেওঁক জনাইছিল যে কোনো অজ্ঞাত ব্যক্তিয়ে তেওঁৰ ফটো ব্যৱহাৰ কৰিছে আৰু বিবাহৰ সেই ৱেবছাইতটোত এটা ভুৱা একাউণ্ট সৃষ্টি কৰিছে। তেওঁ এই সন্দৰ্ভত আৰক্ষী থানাত এটা অভিযোগো দাখিল কৰিছে।

প্ৰণৱে মহিলাগৰাকীক সকলো কথা খুলি কোৱাৰ পাছতো প্ৰণৱলৈ মেচেজ অব্যাহত ৰাখিলে যুৱতীগৰাকীয়ে। ইয়াৰ পাছত এংকৰজনে মহিলাগৰাকীৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ যুৱতীগৰাকীৰ ফোন নম্বৰ ব্লক কৰি দিয়ে। পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে তেওঁক অপহৰণ কৰি বিয়া পতাৰ কথা চিন্তা কৰে। ইয়াৰ বাবে তেওঁ চাৰিজনকৈ যুৱকক নিয়োগ কৰে। তেওঁলোকে প্ৰণৱৰ গাড়ীত তেওঁৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ এটা ট্ৰেকিং ডিভাইচ স্থাপন কৰিছিল। ১১ ফেব্ৰুৱাৰীত, ভাড়াতীয়া চাৰি দুৰ্বৃত্তই টিভি এংকৰজনক অপহৰণ কৰি মহিলাগৰাকীৰ কাৰ্যালয়লৈ লৈ যায়। কেৱল সেয়াই নহয় চাৰি যুৱকে মহিলাগৰাকীৰ কাৰ্যালয়তে প্ৰহাৰ কৰিছিল প্ৰণৱক।

আৰক্ষীয়ে জনোৱা মতে, নিজৰ জীৱনৰ ভয়ত টিভি এংকৰ প্ৰণৱে মহিলাগৰাকীৰ সৈতে ফোনত কথা পাতিবলৈ সন্মত হয়। তাৰ পাছতে তেওঁলোকে প্ৰণৱক মুকলি কৰি দিয়ে। তাৰ পাছতে প্ৰণৱে উপ্পল আৰক্ষী থানাত অপহৰণ, অন্যায়ভাৱে বন্দী কৰাৰ বাবে এটা গোচৰ ৰুজু কৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মহিলাগৰাকীৰ লগতে তেওঁ নিয়োগ কৰা চাৰি যুৱকক আটক কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...