একে সময়তে অৱতৰণৰ চেষ্টা! কানাডাত দুখন বিমানৰ সংঘৰ্ষ, কেৰালাৰ পাইলট-ছাত্ৰৰ মৃত্যু

কানাডাত দুখন বিমানৰ মাজত সংঘৰ্ষ হৈ দুজন প্ৰশিক্ষণাৰ্থী পাইলটৰ মৃত্যু হয়। মৃতকৰৰ মাজত আছে কেৰালাৰ শ্ৰীহৰি সুকেশ নামৰ এজন ২১ বছৰীয়া যুৱক। তেওঁ কেৰালাৰ পৰা কানাডালৈ বিমান চলোৱাৰ প্ৰশিক্ষণ ল’বলৈ গৈছিল। টৰন্টোৰ ভাৰতীয় কনচুলেট জেনেৰেলে ছ’চিয়েল মিডিয়াত পোষ্ট দি তেওঁৰ মৃত্যুৰ খবৰ জনায়।

কানাডাৰ দক্ষিণ মানিটোবাৰ ষ্টেইনবাখ ছাউথ এয়াৰপৰ্টৰ ওচৰৰ এটা ৰানৱে ব্যৱহাৰ কৰে হাৰ্ভেৰ পাইলট প্ৰশিক্ষণ বিদ্যালয়ে। মঙলবাৰৰ পুৱা সেই ৰানৱেৰ পৰা প্ৰায় ৪০০ মিটাৰ দূৰত্বত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় সংবাদ মাধ্যমৰ মতে, সুকেশে ইতিমধ্যে ব্যক্তিগত বিমান চলোৱাৰ লাইচেন্স লাভ কৰিছিল আৰু বাণিজ্যিক বিমান চলোৱাৰ প্ৰশিক্ষণ লৈছিল।

প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ এডাম পেনাৰে জনোৱা মতে, মঙলবাৰৰ পুৱা দুয়োজন পাইলটে দুখন সৰু বিমান লৈ উৰণ আৰু অৱতৰণৰ অনুশীলন কৰি আছিল। দুয়োজন পাইলটে একেলগে অৱতৰণৰ চেষ্টা কৰিছিল আৰু সেই সময়ত ৰানৱেৰ ওচৰত তেওঁলোকৰ বিমান দুখন পৰস্পৰৰ সৈতে খুন্দা খায়। ফলত দুৰ্ঘটনাস্থলীতেই দুয়োজনৰ মৃত্যু হয়। বিমান দুখনত পাইলটৰ বাহিৰে আন কোনো যাত্ৰী নাছিল। অনুমান কৰা হৈছে যে, দুয়োজন পাইলটে ইজনে সিজনৰ বিমান ওচৰ চাপি অহা দেখা নাপালে, যাৰ ফলত এই দুৰ্ঘটনা হয়। দুৰ্ঘটনাত নিহত আনজন পাইলট কানাডাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...