‘নলা চাফা কৰা, ৰাস্তা মেৰামতি কৰা মোৰ কাম নহয়’; ৰাজনীতিত প্ৰৱেশ কৰি হতাশ কংগনা!

এটা সময় অভিনেত্ৰী কংগনা ৰাণাৱটে নিজৰ অভিনয় জীৱনক তুচ্ছ-তাচ্ছিল্য কৰিছিল। যেতিয়া তেওঁ ৰাজনীতিত স্থায়ীভাৱে যোগদানৰ সিদ্ধান্ত লৈছিল, তেতিয়া কংগনাই নিজেই কৈছিল যে, চলচ্চিত্ৰৰ জগত এখন মিছাৰ জগত, আৰু তাত থকা মানুহো নকল। প্ৰায়ে তেওঁ বলীউডৰ তাৰকাৰ বিৰুদ্ধে নানা সমালোচনা কৰিছিল। শেষত ২০২৪ৰ লোকসভা নিৰ্বাচনত তেওঁ হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়। কিন্তু সাংসদ হোৱাৰ এবছৰ নহওঁতেই তেওঁৰ ৰাজনীতিৰ পৰা মন উঠি গৈছে! নলা পৰিষ্কাৰৰ দৰে সমস্যা লৈ মানুহ তেওঁৰ ওচৰলৈ আহিছে, আৰু তাৰ বাবেই তেওঁ ক্ষুব্ধ হৈছে।

অভিনেত্ৰী তথা সাংসদ কংগনাই কয়, “মই বহু বছৰ ধৰি মহিলাৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰি আহিছো। কিন্তু এতিয়া কাৰোবাৰ ঘৰৰ নলা ভাঙি গৈছে, ক’ৰবাত ভগ্ন ৰাস্তা মেৰামতিৰ প্ৰয়োজন, এনে সমস্যা লৈ মানুহ মোৰ ওচৰলৈ আহিছে। তেওঁলোকে বুজিব লাগিব যে, মই এজন সাংসদ। পঞ্চায়ত আৰু বিধায়কৰ স্তৰৰ কামৰ বাবে মোক কিয় কোৱা হৈছে? মোক দেখিলেই মানুহে আৱৰি ধৰিছে।” এনে সমাজসেৱাৰ কামৰ সৈতে তেওঁ অভ্যস্ত নহয় বুলি কৈ কংগনাই জনায়, “মই একেবাৰেই নকওঁ যে, ৰাজনীতিত আহি মই বৰ সুখত আছো। এয়া আচলতে সমাজসেৱাৰ কাম। এনে কাম মই আগতে কৰাৰ অভিজ্ঞতাও নাই।”

ৰাজনীতিৰ প্ৰতি তেওঁৰ কোনো উচ্চাকাঙ্ক্ষা নাই বুলিও কংগনাই স্পষ্ট কৰি দিয়ে। তেওঁৰ মতে, ৰাজনীতিত উন্নতিৰ বাবে প্ৰয়োজনীয় গুণ তেওঁৰ মাজত নাই। তাৰ বাবে তেওঁৰ ৰাজনীতিত এতিয়াৰ পৰা বেছি উন্নতিৰ কোনো পৰিকল্পনা নাই। তেওঁ প্ৰাৰ্থনা কৰে যে, ঈশ্বৰে তেওঁক কেতিয়াও প্ৰধানমন্ত্ৰী নকৰে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...