ডলাৰৰ প্ৰতিদ্বন্দ্বী নিবিচাৰে ট্ৰাম্পে; ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কোন দিশে?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন্তৰ্জাতিক বজাৰত ডলাৰৰ কোনো প্ৰতিদ্বন্দ্বী বিচৰা নাই। সেয়ে তেওঁ ‘ব্ৰিক্স’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ ওপৰত ১০ শতাংশ অতিৰিক্ত শুল্ক জাপি দিয়াৰ হুংকাৰ দিছে নেকি? ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি চূড়ান্ত হোৱাৰ আগত এই চৰ্চা হ’বলৈ আৰম্ভ কৰিছে।

মঙলবাৰে আমেৰিকাৰ কেবিনেট বৈঠকৰ শেষতো ট্ৰাম্পে ‘ব্ৰিক্স’ৰ সদস্য ৰাষ্ট্ৰসমূহক হুংকাৰ দিছিল। আনহাতে,  সোমবাৰে হোৱাইট হাউছৰ পৰাও তেওঁ নিজেই কৈছিল যে, ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনা প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু শীঘ্ৰেই ই চূড়ান্ত হ’ব পাৰে। ‘ব্লুমবাৰ্গ’ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, আমেৰিকাৰ সৈতে বাণিজ্যিক বুজাবুজি আৰু ‘ব্ৰিক্স’ৰ সদস্য ৰাষ্ট্ৰ হোৱা— এই দুটা ঘটনাই বৰ্তমানৰ পৰিপ্ৰেক্ষিতত ভাৰতক এক কঠিন পৰিস্থিতিৰ মাজত পেলাব পাৰে।

নতুন দিল্লীৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি ‘ব্লুমবাৰ্গ’য়ে জনাইছে যে, ট্ৰাম্পৰ এই হুংকাৰৰ বাবে ভাৰত এতিয়া বিশেষ চিন্তিত নহয়। সেই সূত্ৰৰ মতে, ট্ৰাম্পৰ ধাৰণা যে, ‘ব্ৰিক্স’ই বিশ্ববজাৰত ডলাৰৰ আধিপত্যক দুৰ্বল কৰাৰ চেষ্টা কৰিছে। কিন্তু ভাৰতৰ এনে কোনো উদ্দেশ্য নাই বুলি তেওঁলোকে জনাইছে। নাম প্ৰকাশ নকৰাৰ চৰ্তত সেই চৰকাৰী বিষয়াসকলে ‘ব্লুমবাৰ্গ’ক জনাইছে যে, ‘ব্ৰিক্স’ৰ নিজস্ব মুদ্ৰাৰ বিষয়ে ভাৰতৰ কোনো সমৰ্থন নাই। যদিও নতুন দিল্লীৰ  বাণিজ্য মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰাৰ সময়ত ‘ব্লুমবাৰ্গ’য়ে কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া লাভ কৰা নাছিল।

বাস্তৱত, ট্ৰাম্পে যেতিয়া ‘ব্ৰিক্স’ক হুংকাৰ দিছিল, তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলত আছিল। মঙলবাৰে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ সচিব (পূৰ্ব) পি কুমাৰে জনাইছিল যে, ট্ৰাম্পৰ মন্তব্যৰ বিষয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ কোনো আলোচনা হোৱা নাই। ঘটনাক্ৰমে, অহা বছৰ ‘ব্ৰিক্স’ৰ সভাপতিত্বৰ দায়িত্ব ভাৰতৰ ওপৰত অৰ্পণ হ’ব। ‘ব্লুমবাৰ্গ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে, এই আন্তৰ্জাতিক মঞ্চৰ অন্যতম দুখন সদস্য ৰাষ্ট্ৰ চীন আৰু ৰাছিয়াই ‘ব্ৰিক্স’ক আমেৰিকাৰ বিৰুদ্ধে এক শক্তিশালী মঞ্চ হিচাপে গঢ়ি তুলিব বিচাৰে।

কিন্তু ভাৰতৰ সভাপতিত্বৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা কম বুলি ৱাশ্বিংটনে ধাৰণা কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দীৰ্ঘদিন ধৰি আমেৰিকাই ভাৰতক এক কৌশলগত মিত্ৰ হিচাপে বিবেচনা কৰি আহিছে। এছিয়াত চীনৰ প্ৰভাৱ ৰোধ কৰিবলৈ ভাৰত আমেৰিকাৰ বাবে প্ৰয়োজনীয়। সেয়ে অনুমান কৰা হৈছে যে, অতিৰিক্ত শুল্কৰ হুংকাৰ দি ট্ৰাম্পে ‘ব্ৰিক্স’ক চাপত ৰাখিব বিচাৰিছে।

ৰবিবাৰে ব্ৰাজিলৰ ৰিও ডি জেনেইৰ’ত ‘ব্ৰিক্স’ৰ সন্মিলন অনুষ্ঠিত হৈছিল। তাত এই আন্তৰ্জাতিক জোটৰ যৌথ বিবৃতি প্ৰকাশৰ পিছত ট্ৰাম্পে প্ৰত্যক্ষভাৱে ‘ব্ৰিক্স’ক লক্ষ্য কৰি লৈছিল। ট্ৰাম্পৰ মন্তব্যৰ বিৰোধিতা কৰা ‘ব্ৰিক্স’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ ভিতৰত ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাও আছে। ঘটনাক্ৰমে, এই দুখন দেশলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে শুল্ক-পত্ৰ প্ৰেৰণ কৰিছে। দক্ষিণ আফ্ৰিকাৰ ক্ষেত্ৰত এপ্ৰিলত ঘোষিত শুল্ক অপৰিৱৰ্তিত আছে। আনহাতে, ব্ৰাজিলৰ ক্ষেত্ৰত সম্পূৰ্ণ ভিন্ন পদক্ষেপ। এপ্ৰিলত ব্ৰাজিলৰ ওপৰত ১০ শতাংশ শুল্ক জাপি দিয়া হৈছিল। বুধবাৰে ব্ৰাজিললৈ চিঠি পঠিয়াই ট্ৰাম্পে জনাইছে যে, তেওঁলোকৰ ওপৰত ৫০ শতাংশ শুল্ক জাপি দিয়া হ’ব। একে কোবে ১০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি পাইছে। জুলাই মাহত ট্ৰাম্পৰ ঘোষিত শুল্কসমূহৰ ভিতৰত এইটোৱেই সৰ্বোচ্চ।

কিন্তু ট্ৰাম্পৰ মন্তব্যৰ বিষয়ে ভাৰতৰ পৰা প্ৰকাশ্যে কোনো প্ৰতিক্ৰিয়া পোৱা নাই। অনুমান কৰা হৈছে যে, ভাৰতে আমেৰিকাৰ সৈতে এটা মসৃণ বাণিজ্যিক সম্পৰ্ক বিচাৰে, আৰু সেইটো বুজাবলৈ এই পদক্ষেপ লৈছে। যদিও ব্ৰাজিলৰ ওপৰত অতিৰিক্ত শুল্কৰ পিছফালে কেৱল বাণিজ্যিক কাৰণ আছে নে নাই, তাৰো স্পষ্টতা নাই। কাৰণ চিঠিত ট্ৰাম্পে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইৰ বলছ’নাৰোৰ বিৰুদ্ধে মিছা অভিযোগত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ অভিযোগো উত্থাপন কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...