বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান ষ্টেচনত ৰে’লৰ পৰা পিছলি মৃত্যু আনন্দ বৈদ্য নামৰ লোকজনৰ। পত্নী–কন্যাৰ সৈতে ঝাৰখণ্ডলৈ গৈছিল আনন্দ বৈদ্য নামৰ ব্যৱসায়ীজন। শনিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা। ৰে’লত শুই যোৱা পত্নী–কন্যাই পলমকৈহে গম পাই বৈদ্যৰ মৃত্যুৰ কথা।। শুই থকা পত্নী–কন্যাৰ বাবে খাদ্য আনিবলৈ নামিছিল ষ্টেচনত। ৰে’ল এৰাৰ সময়ত উঠিবলৈ লওঁতেই পিছলি পৰে লোকজন। নিশা বৰ্ধমান ৰে’লৱে ষ্টেচনৰ পৰা ৰে’ল আৰক্ষীয়ে ফোন কৰে আনন্দ বৈদ্যৰ পত্নীলৈ। গভীৰ টোপনিত থকা বাবে আৰক্ষীৰ ফোন উঠাব নোৱাৰিলে পত্নীয়ে। পুৱা ঝাৰখণ্ডৰ কৰ্দমা ৰে’ল ষ্টেচনত বৈদ্যক নেদেখি হুৱাদুৱা লগাই পত্নীা–কন্যাই। পৰৱৰ্তী সময়ত পত্নী–কন্যাই ঘটনা অৱগত কৰে ৰে’ল আৰক্ষীক। নিশা মোবাইলত বৰ্ধমান ৰে’ল আৰক্ষীৰ ফোনকলৰ আঁত ধৰি অৱগত হয় ঘটনা সম্পৰ্কে। বৰ্তমান বৰ্ধমানতে আছ লোকজনৰ মৃতদেহ। যোৰহাটৰ পুৰণা বালিবাটৰ কুবেৰ কমপ্লেক্সত আছে লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান। পশ্চিমবংগলৈ ৰাওনা হৈছে লোকজনৰ যোৰহাটৰ আত্মীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...