তীব্ৰবেগী ডাম্পাৰক নাকী লগোৱাত ব্যৰ্থ প্ৰশাসন! ডাম্পাৰে চোঁচৰাই নিয়াত কৰুণ মৃ্ত্যু কিশোৰীৰ

অসমত যেন আতংকৰ আন এটা নাম হৈ পৰিছে ডাম্পাৰ। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দৈনিক প্ৰাণ গৈছে ইজনৰ পিছত সিজনকৈ লোকৰ। হেৰাই গৈছে বহু উঠি অহা প্ৰতিভা, সম্ভাৱনা। কিন্তু লক্ষ্যণীয়ভাৱে তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। এক কথাত ক’বলৈ গ’লে ডাম্পাৰক নাকী লগোৱাত লাজ লগাকৈ ব্যৰ্থ হৈছে প্ৰশাসন। যাৰ বাবে সোমবাৰে যোৰহাটৰ পানীচকুৱাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ঘটিল ভয়ংকৰ দুৰ্ঘটনা। চকাৰ তলত সোমাই যোৱা এগৰাকী কিশোৰীক বহুদূৰলৈ চোঁচৰাই নিয়ে ডাম্পাৰে। দুৰ্ঘটনাত থিতাতে মৃত্যক সাৱটি লয় মণিকা দাস নামৰ ১২বছৰীয়া কিশোৰীগৰাকীয়ে। ঘটনাৰ পিছত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰে আৰক্ষীয়ে। কিন্তু প্ৰশ্ন হয়, কেতিয়া মৃত্যুদূতৰূপী ডাম্পাৰক নিয়ন্ত্ৰণ কৰিব প্ৰশাসনে? আৰু কিমানৰ বুকু শুদা, কিমান মাতৃহাৰা-পিতৃহাৰা-সন্তানহাৰা-স্বামীহাৰা হ’লে গা লৰিব পৰিবহন বিভাগৰ? সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...