ফলাফল ল’বলৈ ছাত্ৰীগৰাকী আৰু নাই, আজি তাইৰ তিলনী

সপোন আছিল কটন বিশ্ববিদ্যালয়ত পঢ়াৰ। নিজৰ সপোনটো পূৰণ কৰাৰ বাবে দিন-ৰাতি একাকাৰ কৰি পঢ়িছিল ছোৱালীজনীয়ে। আজি উচ্চতৰ মাধ্যমিকৰ ফলাফলত ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হ’ল ছোৱালীজনী। কিন্তু ফলাফল ল’বলৈ এইখন পৃথিৱীত তাই আৰু নাই। আজি তাইৰ তিলনী….

ইমান নিষ্ঠুৰ হ’ব পাৰে নে নিয়তি! এনেকৈয়ে বাৰু ভাগেনে কাৰোবোৰ সপোনবোৰ। জীয়ৰী সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পিছতো সকলোৰে চকুলোৰে নিগৰিছে চকুলো। কাৰণ এই ফলাফল লাভ কৰিবলৈ সোঁশৰীৰে জীয়াই নাথাকিল মৰমৰ কন্যা, আপোন ভগ্নী। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল দীক্ষিতা শইকীয়া নামৰ ছাত্ৰীগৰাকী। এদিন কটন বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন দেখা ছাত্ৰীগৰাকীয়ে দিন ৰাতি একাকাৰ কৰি কৰি গৈছিল অধ্যয়ন। ফলাফল ঘোষণা হ’বলৈ দুদিন আছিল মাত্ৰ। শনিবাৰে হঠাৎ পেটৰ বিষত আক্ৰান্ত হৈছিল মৰাণৰ ডোমৰ দলং গাঁৱৰ ছাত্ৰীগৰাকী। পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভৰ্তি কৰাইছিল ডিব্ৰুগড় এখন ব্যক্তিগত চিকিৎসালয়ত। কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টা, পৰিয়ালৰ হাজাৰ প্ৰাৰ্থনাৰ পিছতো সুস্থ হৈ উভতি নাহিল দীক্ষিতা। দেওবাৰে পুৱতি নিশাই তচনচ হৈ গ’ল দিক্ষীতাৰ সপোনবোৰ, ঘৰখনৰ আশা-আকাংক্ষাবোৰ। কটন বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন বুকুত বান্ধিয়েই ইহসংসাৰ ত্যাগ কৰিলে ছাত্ৰীগৰাকীয়ে। আজি তাইৰ তিলনী। শোকাকুল পৰিৱেশৰ মাজত তিলনীৰ নিয়ম পালন কৰি থাকোতেই ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। ৮০% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ হ’ল দিক্ষীতা শইকীয়া। ফলাফলৰ পিছতে আবেগিক হৈ পৰিল তিলনীত উপস্থিত থকা সকলো লোক।

এই সন্দৰ্ভত আমাৰ ইউটিউব চেনেলত প্ৰকাশিত বাতৰি চাব পাৰে আপুনিও। য’ত দীক্ষিতাৰ বান্ধৱী, আত্মীয়ই কৈ গ’ল তাইৰ সপোনবোৰৰ কথা…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল

এটা আইফোনৰ বাবেই শেষ হৈ গ’ল এটা পৰিয়াল। পিতৃয়ে...

বিপদত মেঘালয়! মেঘালয়লৈ পেট্ৰ’ল-ডিজেল সৰবৰাহ নকৰাৰ সিদ্ধান্ত

মেঘালয় পঞ্জীয়নভুক্ত কোনো বাহনক মেঘালয়লৈ ইন্ধন সৰবৰাহ অনুমতি নিদিয়াৰ...

বিশ্বৰ প্ৰথম IVF গৰু পোৱালিৰ জন্ম অসমত, পশুপালন খণ্ডত ঐতিহাসিক সাফল্য

অসমে পশু জৈৱ-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছে।...

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকৰ

গোৱালপাৰাৰ লক্ষীপুৰত দলবদ্ধ আক্ৰমণৰ বলি হোৱা ৰণবীৰ সিং নামৰ...