ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। মাটি কঢ়িওৱা ডাম্পাৰে মহটিয়াই নিলে মহিলাগৰাকীক। ছিপাঝাৰ-গৰুখুঁটি পথৰ ভূক্তাবাৰীত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত ভূক্তাবাৰীৰ মিনাক্ষী বৰুৱা নামৰ মহিলাগৰাকী। মহিলাগৰাকীক খুন্দিয়াই পথৰ দাঁতিত বাগৰি পৰে মাটিভৰ্তি ডাম্পাৰখন। ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰ চালকৰ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS-13AC-6841। ডাম্পাৰৰ দৌৰাত্মৰ বাবেই নিতৌ সংঘটিত হৈছে বহু দুৰ্ঘটনা। অকালতে প্ৰাণ হেৰুৱাইছে বহু লোকে। পৰিবহণ বিভাগ, আৰক্ষীৰ অভিযানৰ মাজতো কমা নাই ডাম্পাৰ চালকৰ দৌৰাত্ম্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...