শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ মৃত্যু। হাস্পতালত জীৱন মৃত্যুৰে যুঁজ কণমানি জীয়ৰী আৰু ভাগিনীয়েকৰ।

শোকাৱহ ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী। সৰ্থেবাৰীৰ কামাৰপাৰাত কয়লাভৰ্তি ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই। থিতাতে নিহত পিতৃ দুলাল ডেকা আৰু তেওঁৰ ৫ বছৰীয়া পুত্ৰ মৌচম ডেকা। আনফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মৃত দুলাল ডেকাৰ কণমানি জীয়ৰী আৰু ভাগিনীয়েক। সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি ১০বছৰীয়া ৰিয়া ডেকা আৰু ৰাহুল দাসক।

দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষীৰ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 17 B 6496। এই ঘটনাই সম্প্ৰতি শোকৰ ছাঁ পেলাইছে সৰ্থেবাৰীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...