এনেকৈয়ে শেষ হয়নে সকলো!

মে’ৰ ১০ তাৰিখে আছিল বিয়া… মাহ-হালধিৰে নুৱাই বিয়াৰ সাজ পিন্ধাৰ কথা আছিল ছোৱালীজনীয়ে! শেষ শয়নত পৰি ৰল এখন বগা কাপোৰৰ তলত

ভিনিহিয়েকে চাকৰিৰ ছুটী নোপোৱাত ১০-১১ মে’লৈ বিয়াৰ দিন সলনিও হৈছিল ছোৱালীজনীৰ। গহণা গাঁথৰি গঢ়াৰ সময় আছিল, সময় আছিল বেৰত চূণ তেল দিয়াৰ। কিন্তু ঘৰখনত জানো এতিয়া সেইবোৰ হব? উৰুলিৰ সলনি কান্দোনৰ ৰোলহে শুনিবলৈ পোৱা যাব ভাগ্যই লগ নিদিয়া ঘৰখনত। ৰাজ্যত প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা। দৈব্যৰ দুৰ্বিপাক বুলি খবৰৰ মাজতে হেৰাই যায় সেই খবৰ। কিন্তু আজি আমি ক’বলৈ লোৱা এই দুৰ্ঘটনাৰ খবৰ অতিকৈ মৰ্মান্তিক, অতিকৈ হৃদয়বিদাৰক। ৰাজ্যত ৰঙালী বিহুৰ ওলগ অব্যাহত আছে। তাৰ মাজতে এই দুৰ্ভগীয়া যুৱতীগৰাকী আৰু তাইৰ হতভাগা পৰিয়ালৰটোৰ খবৰ দিব বিচাৰিছোঁ। যুৱতীগৰাকীৰ নাম চুমি প্ৰধান। কাপোৰ চিলাই কৰি ঘৰখন পোহপাল দি আছিল চুমিয়ে। পিতৃ-মাতৃও আছিল অসুখীয়া। বান্ধৱী টুটুমণি নাথৰ সৈতে কামৰ বাবে ওলাই গৈছিল এখন স্কুটী লৈ। কথা হৈছিল আজি বান্ধৱী টুটুমণি নাথৰ ঘৰতে থাকিব চুমি। কিন্তু নিয়তিৰ লিখন যেন কিছু বেলেগ আছিল। অসম-অৰুণাচল সংযোগী পথত পতিত হয় চুমি টুটুমণিৰ স্কুটী। এখন অচিনাক্ত স্কৰপিঅ’ বাহনে খুন্দিয়াই থৈ যায় দুয়োকে। থিতাতে মৃত্যু হয় চুমি প্ৰধানৰ। সংকটজনক অৱস্থাত লক্ষিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ আহত টুটুমণিক।

গহপুৰ বড়িগাৱঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ ভয়ংকৰ এই পথ দুৰ্ঘটনাই কইনা হ’বলগা ছোৱালীজনীৰ আদ্যশ্ৰাদ্ধৰ দিনহে থিৰ কৰি পেলালে। ঘৰখনত এতিয়া এক বুজাব নোৱাৰা পৰিৱেশ। গাঁওখনৰ এগৰাকী সৰবৰহী আৰিু সাদৰী যুৱতী আছিল চুমি প্ৰধান।

এখন ফাৰ্মাচীত কাম কৰা টুটুমণিৰো অৱস্থা সংকটজনক। অৰুণাচলৰ দিশৰ পৰা অহা ক’লা ৰঙৰ ঘাতক স্ক’ৰপিঅ’ বাহনখন লখিমপুৰৰ দিশে পলায়ন কৰিছে। আৰক্ষীয়ে হয়তো বাহনখন ধৰিবলৈ সক্ষম হ’ব। কিন্তু ঘৰ এখনত কন্যাৰ বাবে সাঁচি থোৱা হেৰুৱা বিয়াখনৰ সপোন, উৰুলি এজোলোকাৰ সপোন, আৰু স্বাধীনভাৱে স্বাৱলম্বী হোৱাৰ পণ খেদা সাদৰী ছোৱালীজনীৰ হাঁহিবোৰহে যেন আকৌ উভতি নাহিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...