দেৰগাঁৱত সংঘটিত শোকাৱহ দুৰ্ঘটনাই উদঙালে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ

দেৰগাঁৱত সংঘটিত শোকাৱহ দুৰ্ঘটনাই উদঙালে ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। যোৰহাট মেডিকেল কলেজৰ পৰা উন্নত চিকিৎসাৰ বাবে চাৰিগৰাকী আহতক প্ৰেৰণ কৰা হল GMCHলৈ। যোৰহাট মেডিকেল কলেজৰ অধিকাংশ জৰুৰী সা-সঁজুলিয়ে বিকল হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাক লৈ স্বাস্থ্যমন্ত্ৰীক জবাবদিহি কৰিছে একাংশ দল-সংগঠনে। একেসময়তে NHIDCLৰ বিৰুদ্ধে প্ৰতিবাদ।

চৰকাৰে ঢাক-ঢোল বজোৱা উন্নয়নৰ প্ৰকৃত স্বৰূপ ওলাই পৰিল

অসম্ভৱ। দেৰগাঁৱৰ বালিজানত শোকাৱহ দুৰ্ঘটনাত পতিতৰ পৰিয়ালৰ এতিয়া হাহাকাৰ অৱস্থা। ১১জন লোকৰ প্ৰাণ গল দুৰ্ঘটনাটোত। এতিয়াও জে এম চি এইছত চিকিৎসাধীন বহুজন। বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈ…
JMCHৰ পৰা GMCHলৈ প্ৰেৰণ কৰা হ’ল ৪জন আহতক
GMCHত চিকিৎসাধীন কুলুমণি শইকীয়া, প্ৰীতি শইকীয়া
ভৰ্তি অৰূপ শইকীয়া আৰু মৃদুল শইকীয়াকো

GMCHৰ বিশেষজ্ঞ চিকিৎসকে চলাইছে চাৰিওজনৰ চিকিত্সা। কুলুমণি শইকীয়া নিউৰ’লজী, মদুল শইকীয়া কাৰ্ডিঅ’লজী বিভাগত চিকিতসাধীন।
কুলুমণি শইকীয়াৰ ভাগিছে বুকুৰ ৬ডাল হাড়
৭ বছৰীয়া প্ৰীতি শইকীয়াক কৰিব লাগিব প্লাষ্টিক ছাৰ্জাৰী
GMCHত ভৰ্তি কৰোওৱা মৃদুল শইকীয়াৰ মূৰত আছে গুৰুতৰ আঘাত
মৃদুল শইকীয়াৰ বাওঁহাতৰ লগতে ভাগিছে কেইবাডালো হাড়
অৰূপ শইকীয়াৰো অৱস্থা সংকটজনক

একেটা পৰিয়ালৰ ৩জন সদস্য GMCHত। দিকবিদিক হেৰুৱাইছে আত্মীয়ই।
এইগৰাকী মহিলাই চিকিৎসাৰ বাবে ক্ৰয় কৰিবলগীয়া হল দৰৱ। অৰ্থৰ নাটনি। খবৰটো শুনি দুখ প্ৰকাশ GMCHৰ অধীক্ষক অভিজিত শৰ্মাৰ। ক’লে GMCHত ভৰ্তি হোৱা চাৰিওজনৰ চিকিৎসা বিনামূলীয়া হ’ব

বৃহস্পতিবাৰে গুলাঘাটত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। জিলা প্ৰশাসন তথা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত ঘটনাস্থলী পৰিদৰ্শন। তাৰ পাছতেই যোৰহাট মেডিকেল কলেজলৈ ৰাওনা স্বাস্থ্য মন্ত্ৰী। চিকিতসাধীনসকলৰ সৈতে কথা-বতৰা পাতি পৰিস্থিতিৰ বুজ ল’লে কেশৱ মহন্তই। GMCHৰ বাহিৰতে একাংশ লোকৰ ক্ষোভ, প্ৰশ্ন।
মেডিকেল কলেজৰ নামত প্ৰকাণ্ড অট্টালিকা
JMCHত কোনো সা-সুবিধাই নাই
CT SCAN, MRI মেচিনো বিকল
কেঞ্চাৰ হাস্পতালৰ সৰঞ্জামেৰে জোৰা-টাপলি

দল-সংগঠনে জবাবদিহি কৰিলে মন্ত্ৰী কেশৱ মহন্তক। এম আৰ আই মেচিনটোও আজিলৈ ঠিক নহল। স্বাস্থ্য মন্ত্ৰীৰ উত্তৰ। একেবাৰে পৃথিৱীত কোনেও নকৰা কাম কৰিছে অসমৰ স্বাস্থ্য বিভাগে।
JMCHত চিকিৎসাধীন ২৪জন
তাৰে ৪জন আছে ICUত
দল-সংগঠন NHIDCLৰ কাৰ্যালয়ৰ সন্মুখত। বিষয়াক জবাবদিহি কৰিলে।
২০১৮তেই পথ নিৰ্মাণ সম্পূৰ্ণ হ’ব লাগিছিল…
আজিলৈ নহ’ল, ক্ষোভ…

নিৰ্মাণকাৰী সংস্থাৰ বিসংগতিপূৰ্ণ কামৰ বাবেই এই দুৰ্ঘটনাৰ অভিযোগ উঠিছে। তিনিচুকীয়া-শিৱসাগৰ দিশৰ পৰা অহা যান বাহনৰ বাবে পথচোৱাত আছিল ডাইভাৰ্ছনৰ অস্পষ্ট সাংকেতিক চিহ্ন। অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ উপ-মহাপৰিদৰ্শকে সেই সাংকেতিক চিহ্ন আঁতৰাই দিলে কিয়? তাক লৈও উঠিছে প্ৰশ্ন। সেইবোৰ বিষয়ক লৈ চৰকাৰৰ কোনো গুৰুত্ব নাই। বিজুলী বেগেৰ হোৱা উন্নয়নৰ স্বৰূপ ওলাল এই ঘটনাত। ৰাজ্যৰ স্বাস্থ্য খণ্ডত হোৱা অস্বাভাৱিক পৰিৱৰ্তনৰো প্ৰমাণ পালে ৰাজ্যবাসীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী

গুৰুতৰভাৱে অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী৷ বুধবাৰে হঠাৎ অসুস্থ...

হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী

হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। চৌধুৰীক বঙাইগাঁৱৰ পৰা...

বাইক ষ্টাণ্ট কৰা যুৱকক আটক

বাইক ষ্টাণ্ট কৰা যুৱকক আটক। পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয়...

চাইকেলক অসমীয়াত কি বুলি কোৱা হয় জানেনে?

চাইকেল হৈছে মানুহৰ দ্বাৰা চালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। বহু লোকৰ বাবে...