স্কুটীৰে চুলাই সৰবৰাহৰ সময়তে জালত পৰিল বেপাৰী, জব্দ ১০০ লিটাৰ চুলাই

ৰাজ্যত অব্যাহত সুৰাৰ ৰমৰমীয়া বেহা। স্কুটীৰে প্ৰায় ১০০ লিটাৰ চুলাই সৰবৰাহৰ সময়তে বেপাৰীসহ জালত সৰবৰাহকাৰী। দৰং জিলাৰ ছিপাঝাৰৰ পাথৰিঘাট আৰক্ষীৰ জালত চুলাই বেপাৰী। বৃহৎ পৰিমাণৰ চুলাইসহ জব্দ এখন স্কুটী। AS 01 DX 8102 নম্বৰৰ স্কুটীখনেৰে কঢ়িয়াই আনিছিল চুলাই। কলাইগাঁৱৰ বটিয়ামাৰীৰ তপন চন্দ্ৰ বড়ো নামৰ চুলাই বেপাৰীটোক কৰায়ত্ত কৰে পাথৰিঘাট আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰাই ছিপাঝাৰৰ ভিন্ন অঞ্চলত চুলাইৰ সৰবৰাহ চলাই আহিছিল বড়োৱে। পাথৰিঘাট আৰক্ষীয়ে বৰঙাবাৰীৰ পৰা কৰায়ত্ত কৰে চুলাই বেপাৰীটোক। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰে ধৃত বেপাৰীজনক ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...