‘চৰচ মেলা’ত সৰ্বমুঠ ৮ কোটি ৭৫ লাখ টকাৰ সামগ্ৰী বিক্ৰী

গুৱাহাটীত কালি সমাপ্ত হোৱা “অসমী চৰচ মেলা ২০২৩-২৪” ত সৰ্বমুঠ ৮ কোটি ৭৫ লাখ টকাৰ বিক্ৰী হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদৰি কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰৰ চৰচ মেলাত অসমৰ স্থানীয় আত্মসহায়ক গোটৰ বিপণীয়ে বিক্ৰী কৰিছে ৫ কোটি ৫৩ লাখ টকা ৷ অন্যান্য ৰাজ্যৰ আত্মসহায়ক গোটৰ বিপণীয়ে বিক্ৰী কৰিছে ৩ কোটি ২২ লাখ টকা ৷ মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, এই মেলাৰ সময়ছোৱাত ডিজিপে সখীয়ে ১,২০১ টা ডিজিটেল লেনদেনৰ জৰিয়তে মুঠ ৯৯ লাখ ১০ হাজাৰ টকাৰ লেনদেন কৰিছে। ইয়াৰোপৰি, আত্মসহায়ক গোটৰ সদস্যাসকলে মুঠ ৭৫ লাখ ৬ হাজাৰ টকাৰ সা-সামগ্ৰীৰ অৰ্ডাৰো লাভ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ এই মেলাই আত্মসহায়ক গোটৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আগন্তুক দিনৰ বাবে উৎসাহিত কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, এই মেলাত আত্মসহায়ক গোটৰ সদস্যাসকলে মুঠ ১৩২ খন বিপণীত নিজে প্ৰস্তুত কৰা হস্তশিল্প, বস্ত্ৰৰ লগতে খাদ্য-সামগ্ৰীও বিক্ৰী কৰিছিল ৷ এই ১৩৪ খন বিপণীৰ ভিতৰত ৬৩ খন বিপণীয়েই আছিল অসমৰ আত্মসহায়ক গোটৰ। অসমৰ উপৰিও এই মেলাত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ছত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, লাডাখ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তেলেংগানা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগকে আদি কৰি প্ৰায় ২১ খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...