‘চৰচ মেলা’ত সৰ্বমুঠ ৮ কোটি ৭৫ লাখ টকাৰ সামগ্ৰী বিক্ৰী

গুৱাহাটীত কালি সমাপ্ত হোৱা “অসমী চৰচ মেলা ২০২৩-২৪” ত সৰ্বমুঠ ৮ কোটি ৭৫ লাখ টকাৰ বিক্ৰী হৈছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদৰি কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰৰ চৰচ মেলাত অসমৰ স্থানীয় আত্মসহায়ক গোটৰ বিপণীয়ে বিক্ৰী কৰিছে ৫ কোটি ৫৩ লাখ টকা ৷ অন্যান্য ৰাজ্যৰ আত্মসহায়ক গোটৰ বিপণীয়ে বিক্ৰী কৰিছে ৩ কোটি ২২ লাখ টকা ৷ মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, এই মেলাৰ সময়ছোৱাত ডিজিপে সখীয়ে ১,২০১ টা ডিজিটেল লেনদেনৰ জৰিয়তে মুঠ ৯৯ লাখ ১০ হাজাৰ টকাৰ লেনদেন কৰিছে। ইয়াৰোপৰি, আত্মসহায়ক গোটৰ সদস্যাসকলে মুঠ ৭৫ লাখ ৬ হাজাৰ টকাৰ সা-সামগ্ৰীৰ অৰ্ডাৰো লাভ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ এই মেলাই আত্মসহায়ক গোটৰ মহিলাসকলক আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আগন্তুক দিনৰ বাবে উৎসাহিত কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, এই মেলাত আত্মসহায়ক গোটৰ সদস্যাসকলে মুঠ ১৩২ খন বিপণীত নিজে প্ৰস্তুত কৰা হস্তশিল্প, বস্ত্ৰৰ লগতে খাদ্য-সামগ্ৰীও বিক্ৰী কৰিছিল ৷ এই ১৩৪ খন বিপণীৰ ভিতৰত ৬৩ খন বিপণীয়েই আছিল অসমৰ আত্মসহায়ক গোটৰ। অসমৰ উপৰিও এই মেলাত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ছত্তিশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, কৰ্ণাটক, লাডাখ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, পুডুচেৰী, পঞ্জাৱ, ৰাজস্থান, তেলেংগানা, উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগকে আদি কৰি প্ৰায় ২১ খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...