BTRত বৰ্জন গুণোৎসৱৰ পৰীক্ষা!

BTRত বৰ্জন গুণোৎসৱৰ পৰীক্ষা!
ইংৰাজীত নহয়, বড়ো ভাষাত হ’ব লাগিব প্ৰশ্ন কাকত!
বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীক ইংৰাজীত প্ৰশ্নকাকত দিয়াক লৈ ক্ষুব্ধ সংগঠন

সমগ্ৰ অসমতে চলি আছে গুণোত্সৱ। BTRৰো বহু অঞ্চলত প্ৰতিখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী-শিক্ষকৰ মাজত উথপথপ। কিন্তু ভাষাৰ বাবে আকৌ এবাৰ স্বস্থিতি প্ৰকাশ কৰিলে ভূমিপুত্ৰ বড়োসকলে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত গুণোৎসৱৰ তৃতীয় দিনত ষষ্ঠ শ্ৰেণীৰ বড়ো মাধ্যমৰ শিক্ষাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ নহবলৈ আহ্বান জনালে কোকৰাঝাৰ জিলা এবছু আৰু বড়ো সাহিত্য সভাই।

বয়সীয়ালজন নতুন শিক্ষা নীতি অনুসৰি বড়ো মাধ্যমৰ শিক্ষাৰ্থীয়ে নিজৰ ভাষাতে গুণোৎসৱৰ পৰীক্ষাত অৱতীৰ্ণ হবলৈ সুবিধা লাভ কৰিব লাগিছিল, কিন্তু সেয়া নাপালে। অসমৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগু সৈতে পূৰ্বতে এই বিষয়টো লৈ আলোচনাও কৰা হৈছিল। সেয়ে যেতিয়ালৈকে বিজ্ঞান আৰু অংক বিষয়ৰ প্ৰশ্নকাকত ইংৰাজী পৰিবৰ্তে বড়ো ভাষাত চৰকাৰে নিদিয়ে তেতিয়ালৈ আন্দোলন কৰা হব বুলি হুংকাৰ দিছে এবছু আৰু বড়ো সাহিত্য সভাই।

গোৰেশ্বৰতো শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ বড়ো সাহিত্য সভা, এবছু
‘শিক্ষাৰ মান মূল্যায়নৰ নামত চৰকাৰে ভেকোভাওনা কৰিছে’

লগতে গণিত আৰু বিজ্ঞানৰ পৰীক্ষাত ইংৰাজী ভাষাত ছাত্ৰ -ছাত্ৰীসকলে ভালদৰে উত্তৰ লিখিব পৰা নাই বুলি উল্লেখ কৰি ইংৰাজী ভাষাৰ প্ৰশ্ন কাকত উঠাই দিয়াৰ দাবীৰে ৰাজ্যৰ সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে এটা সঁজাতি দলে। ভাষাৰ প্ৰতি এই গৰ্ববোধ কৰবাত আজিও পুহি ৰাখিছে বড়োসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...