আমেৰিকাৰ কোম্পানীক চেৰ পেলাই দ্বিতীয় স্থানত TCS, শীৰ্ষ ১০ত থকা বিশ্বৰ IT কোম্পানী

টাটা কনচালটেঞ্চী চাৰ্ভিচেছে গঢ়িলে আন এক অভিলেখ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীক অতিক্ৰম কৰি দ্বিতীয় সৰ্ববৃহৎ আইটি কোম্পানীলৈ পৰিণত TCS। শীৰ্ষ ১০ত থকা আইটি কোম্পানীৰ বিষয়ে জানো আহক।
বিশ্বৰ সৰ্ববৃহৎ তথ্যপ্ৰযুক্তি প্ৰতিষ্ঠান হৈছে আমেৰিকাৰ এক্সেনচাৰ। ৩৬.২ বিলিয়ন ডলাৰ সম্পত্তিৰে আটাইতকৈ ডাঙৰ প্ৰতিষ্ঠানলৈ পৰিণত হৈছে। দ্বিতীয় স্থানত আছে টাটা কনচালটেঞ্চী চাৰ্ভিচেছ। টিচিএছৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬.৮ বিলিয়ন ডলাৰ। তৃতীয় স্থানত আছে ভাৰতৰে প্ৰতিষ্ঠান ইনফছিচ। ১২.৮ বিলিয়ন ডলাৰ সম্পত্তিৰে তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে ইনফছিচে। চতুৰ্থ আৰু পঞ্চম স্থানত আছে আমেৰিকাৰ প্ৰতিষ্ঠান। আইবিএম প্ৰতিষ্ঠানটোৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০.৬ বিলিয়ন ডলাৰ। আনহাতে, পঞ্চম স্থানত থকা কগনিজেণ্টৰ সম্পত্তিৰ মূল্য হৈছে ৮.৭ বিলিয়ন ডলাৰ। ষষ্ঠ স্থান অধিকাৰ কৰিছে ফ্ৰান্সৰ প্ৰতিষ্ঠানে। ৮.২ বিলিয়ন ডলাৰ সম্পত্তিৰে ষষ্ঠ স্থান অধিকাৰ কৰিছে কেপজেমিনিয়ে। পুনৰ সপ্তম আৰু অষ্টন স্থান অধিকাৰ কৰিছে ভাৰতীয় ২ কোম্পানীয়ে। ৬.৪ বিলিয়ন ডলাৰ সম্পত্তিৰে সপ্তম স্থানত আছে আজিম প্ৰেমজীৰ উইপ্ৰ প্ৰতিষ্ঠান। একেদৰে অষ্টম স্থান থকা এইছচিএলৰ সম্পত্তিৰ পৰিমাণ হৈছে ৬.১ বিলিয়ন ডলাৰ। তালিকাৰ নৱম আৰু দশম স্থানত আছে জাপানৰ ২ প্ৰতিষ্ঠান। এনটিটি ডাটা নামৰ কোম্পানীটো ৫.৮ বিলিয়ন ডলাৰ সম্পত্তিৰ অধিকাৰী। তাৰ বিপৰীতে দশম স্থানত থকা ফুজিটছু নামৰ প্ৰতিষ্ঠানটোৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪ বিলিয়ন ডলাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...