INS ছালকি, প্ৰতিৰক্ষা খণ্ডত সংযোজন হৈছিল ন অধ্যায়ৰ

প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাৰ দিশত আজিৰ দিনটোতে সূচনা হৈছিন নতুন দিগন্তৰ। ১৯৯২ চনৰ আজিৰ দিনটোতে প্ৰথমখন দেশীয়ভাবে নিৰ্মিত চাবমেৰিন INS ছালকি ভাৰতীয় নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতে সদায় প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল হ’বলৈ চেষ্টা কৰি আহিছে। ইয়াৰ অংশ ৰূপে দেশত প্ৰথম চাবমেৰিন INS ছালকি নিৰ্মাণ কৰা হৈছিল।
INS ছালকি বা এছ46 হৈছে এক টাইপ 1500 ডিজেল-বৈদ্যুতিক চাবমেৰিন। ১৯৮৯ চনৰ ৩০ ছেপ্টেম্বৰত মুম্বাইত এই প্ৰথম স্বদেশী নিৰ্মিত চাবমেৰিন উদ্বোধন কৰা হৈছিল।
INS ছালকি মাজাগাঁও ডক লিমিটেডে নিৰ্মাণ কৰিছিল। শিশুমাৰ শ্ৰেণীৰ চাবমেৰিনত নৌসেনাৰ ৪টা চাবমেৰিন আছে। এইসমূহ হৈছে শিচুমামাৰ, শংকুশ, শালকি আৰু শংকুল। ১৯৮৬ ৰ পৰা ১৯৯৪ চনৰ ভিতৰত নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল এইসমূহ চাবমেৰিন।
INS ছালকি চাবমেৰিনৰ দৈৰ্ঘ্য ২১১ ফুট, প্ৰস্থ ২১ ফুট আৰু গভীৰতা ২০ ফুট। আনহাতে, INS ছালকিৰ পৰীক্ষাৰ গভীৰতা ৮৫০ ফুট।
INS ছালকিয়ে ৮জন বিষয়াসহ ৪০জন লোকক কঢ়িয়াই নিব পাৰে। INS ছালকিৰ ওজন পৃষ্ঠত ১,৬৬০ টন আৰু পানীৰ তলৰ ওজন ১,৮৫০ টন। ই পানীৰ পৃষ্ঠত ৪১ কিঃমিঃ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...