হিজাব পৰিধান কৰা ছাত্ৰীয়ে সুকীয়াকৈ বহিব লাগিব কলেজত

হিজাব পৰিধান কৰা ইছলামধৰ্মী ছাত্ৰীসকলে সুকীয়াকৈ বহিব লাগিব কলেজত। হিজাব পিন্ধা শিক্ষাৰ্থীসকলক পৃথকে ক্লাছৰুমত বহিবলৈ দিয়া হ’ব। সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে পাঠদান কৰিবলৈ দিয়া নহয়। দেশজুৰি বিতৰ্কৰ পিছত হিজাব পৰিধান কৰি শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি ছাত্ৰীসকলক। কৰ্ণাটকৰ শিক্ষা বিভাগে হিজাব পৰিধান কৰি কেম্পাছত প্ৰৱেশৰ অনুমতি দিছে। কুন্দাপুৰা চৰকাৰী PU কলেজত আজিৰে পৰা ধৰ্মীয় আবেগলৈ লক্ষ্য ৰাখি ছাত্ৰীসকলৰ বাবে শিথিল কৰিছে নিয়ম। উল্লেখ্য যে, শিক্ষানুষ্ঠানসমূহত হিজাব বাৰণ কৰাৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। একাংশই তীব্ৰ সমালোচনা কৰাৰ বিপৰীতে একাংশই সমৰ্থন জনাইছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছেপ্টেম্বৰত গুৱাহাটীত APCCৰ উদ্যোগত বিশাল যুৱ সন্মিলনৰ আয়োজন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আগন্তুক ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত...