ৰঙালাউৰ গুটি পুষ্টিকৰ খাদ্য হিচাপে ‘পাৱাৰহাউচ’

ৰঙালাউ আমাৰ বহুতৰে প্ৰিয়। অসমীয়া মানুহৰ ঘৰত বহুতেই ৰঙালাউৰ গুটিও খায়। দেখাত সৰু হ’লেও ৰঙালাউৰ গুটি পুষ্টিকৰ খাদ্য হিচাপে ‘পাৱাৰহাউচ’। ৰঙালাউৰ গুটি মেগনেছিয়াম, আইৰণ তথা ফাইবাৰ সমৃদ্ধ এক অত্যন্ত পুষ্টিকৰ খাদ্য। আমেৰিকাৰ হাৰ্ট এছ’চিয়েশ্যনৰ পৰামৰ্শ প্ৰতিদিনে খাদ্যত ৩০ গ্ৰাম ৰঙালাউৰ গুটি ৰাখক। ওজন হ্ৰাসৰ পৰা আপোনাৰ হৃদযন্ত্ৰকো ভালে ৰখাৰ সু–খাদ্য ৰঙালাউৰ গুটি। ৰঙালাউৰ গুটিত আছে পুষ্টিকৰ স্নেহজাতীয় পদাৰ্থ, ফাইবাৰ তথা এণ্টি অক্সিডেণ্ট। হৃদযন্ত্ৰ বা কাৰ্ডিঅ’ভাস্কুলাৰ স্বাস্থ্যৰ কাৰণে এই ৰঙালাউৰ গুটি অতি উপকাৰী। এই গুটিত আছে মন’চেচিউৰেটেড ফেটি এচিড। ৰঙালাউৰ গুটিত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ৰঙালাউৰ গুটিত আছে চেৰ’টেনিন। এই নিউৰ’কেমিকেলক কোৱা হয় ‘প্ৰাকৃতিক টোপনিৰ ঔষধ।’ বাতৰ বিষ, গাঁঠিৰ বিষ আদি নোহোৱা কৰিবলৈেও ৰঙালাউৰ গুটি উত্তম খাদ্য। এই খাদ্য গ্ৰহণ কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হয়। ফলত অসুস্থ হোৱাৰ আশংকা হ্ৰাস পায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...