ৰঙালাউৰ গুটি পুষ্টিকৰ খাদ্য হিচাপে ‘পাৱাৰহাউচ’

ৰঙালাউ আমাৰ বহুতৰে প্ৰিয়। অসমীয়া মানুহৰ ঘৰত বহুতেই ৰঙালাউৰ গুটিও খায়। দেখাত সৰু হ’লেও ৰঙালাউৰ গুটি পুষ্টিকৰ খাদ্য হিচাপে ‘পাৱাৰহাউচ’। ৰঙালাউৰ গুটি মেগনেছিয়াম, আইৰণ তথা ফাইবাৰ সমৃদ্ধ এক অত্যন্ত পুষ্টিকৰ খাদ্য। আমেৰিকাৰ হাৰ্ট এছ’চিয়েশ্যনৰ পৰামৰ্শ প্ৰতিদিনে খাদ্যত ৩০ গ্ৰাম ৰঙালাউৰ গুটি ৰাখক। ওজন হ্ৰাসৰ পৰা আপোনাৰ হৃদযন্ত্ৰকো ভালে ৰখাৰ সু–খাদ্য ৰঙালাউৰ গুটি। ৰঙালাউৰ গুটিত আছে পুষ্টিকৰ স্নেহজাতীয় পদাৰ্থ, ফাইবাৰ তথা এণ্টি অক্সিডেণ্ট। হৃদযন্ত্ৰ বা কাৰ্ডিঅ’ভাস্কুলাৰ স্বাস্থ্যৰ কাৰণে এই ৰঙালাউৰ গুটি অতি উপকাৰী। এই গুটিত আছে মন’চেচিউৰেটেড ফেটি এচিড। ৰঙালাউৰ গুটিত থকা মেগনেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। ৰঙালাউৰ গুটিত আছে চেৰ’টেনিন। এই নিউৰ’কেমিকেলক কোৱা হয় ‘প্ৰাকৃতিক টোপনিৰ ঔষধ।’ বাতৰ বিষ, গাঁঠিৰ বিষ আদি নোহোৱা কৰিবলৈেও ৰঙালাউৰ গুটি উত্তম খাদ্য। এই খাদ্য গ্ৰহণ কৰিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হয়। ফলত অসুস্থ হোৱাৰ আশংকা হ্ৰাস পায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...