প্ৰতিদিনে শ্বাৱাৰৰ তলত গা ধোৱাৰ অভ্যাস আছে নেকি? জানি লওক এইকেইটা কথা

আপোনাৰ বাৰু প্ৰতিদিনে শ্বাৱাৰৰ তলত গা ধোৱাৰ অভ্যাস আছে নেকি? যদি আছে আপুনি কিছু সাৱধান হোৱাৰ প্ৰয়োজন। শ্বাৱাৰৰ তলত থিয় হৈ থকাটো অতি সতেজতাৰ কাৰণ হ’ব পাৰে, ই আপোনাৰ মন প্ৰাণ ভাল লগাব পাৰে। কিন্তু ইয়াৰ দ্বাৰা ছালৰ যথেষ্ট ক্ষতি হয়, যিটো আপুনি সাধাৰণতে কল্পনা কৰিব নোৱাৰে। চৰ্ম বিশেষজ্ঞৰ মতে, ছালৰ বাবে প্ৰতিদিনে শ্বাৱাৰত গা ধোৱাটো ভাল নহয়। অতীজৰে পৰা দেখা গৈছে যে, বহুলোকে ছালৰ যত্নৰ বাবে বিভিন্ন ধৰণৰ উপায় গ্ৰহণ কৰে। এনে বহুলোক আছে যিয়ে আজিও বিভিন্ন ধৰণেৰে ছালৰ যত্ন লয়। তেওঁলোকে বিভিন্ন ধৰণৰ লোচন বা ঔষধ ব্যৱহাৰ কৰে। কিন্তু যদি প্ৰতিদিনে শ্বাৱাৰত গা ধোৱাৰ অভ্যাস থাকে, তেন্তে কোনো যত্নই উপযোগী হৈ নুঠিব। দ্য মিৰ’ৰৰ এক প্ৰতিবেদন অনুসৰি, যদি আপুনি শ্বাৱাৰেৰে মুখ ধোৱে তেন্তে মুখৰ ছালৰ ক্ষতি সাধন হ’ব পাৰে। কিয়নো শ্বাৱাৰৰ তীব্ৰবেগী পানীৰ স্ৰোতে আপোনাৰ ছালৰ যিসমূহ ৰন্ধ্ৰ, সেইসমূহত বিৰূপ প্ৰভাৱ পেলাব পাৰে। লগতে গা ধোৱাৰ সময়ত ছালৰ যি সহন ক্ষমতা, সেয়াও বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। গতিকে ক্ষন্তেকীয়া জলকেলিৰ মাদকতা বিচাৰি আপোনাৰ বহুমূলীয়া ছালখনৰ ক্ষতিসাধন কৰাৰ পৰা বিৰত থাকক আৰু পাৰ্যমানে শ্বাৱাৰ বাথৰ পৰা আতৰি থাকক। অৱশ্যে সাৱধানীৰ মৰণ নাই!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...