আজি “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”

আজি “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”। ১৬ নৱেম্বৰত দেশজুৰি পালন কৰা হয় “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস”। এই বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয় “সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ” ১৯৬৬ চনৰ পৰা ১৬ নৱেম্বৰ দিনটো সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা আৰু দায়িত্বশীলতাক স্মৰণ কৰি পালন কৰি অহা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। বাতৰিৰ নামত দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা সংবাদকৰ্মীসকলৰ বাবে আজি দিনটো হৈছে এটা বিশেষ দিন। এই বিশেষ দিনটোতো ব্যস্ত থাকে সংবাদকৰ্মীসকল। সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তত পালন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীতো আয়োজন প্ৰেছ দিৱস। অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা প্ৰেছ দিৱসত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা,প্ৰাক্তন DGP, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া।

শিৱসাগৰতো ই-মেডিয়া সংস্থা আৰু শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ সহযোগত পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰেছ দিৱসৰ দিনাই মনৰ ভাৱ প্ৰকাশ কৰিলে সংবাদকৰ্মীসকলে। বাতৰিৰ নামত দিন-ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা সাংবাদিকসকলৰো আছে সুখ-দুখ, ক্ষোভ আৰু অভাৱ-অভিযোগ। প্ৰশাসনিক বিষয়াৰ সন্মুখত সাংবাদিক সকলৰ মৰ্মবেদনাৰ কথা প্ৰকাশ কৰাৰ লগতে সাংবাদিকসকলৰ জীৱন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ জনাই আহ্বান। ডিব্ৰুগড়তো জিলা প্রশাসন আৰু ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সহযোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সমান্তৰালকৈ ধুবুৰী প্ৰেছ ক্লাৱৰ উদ্যোগতো দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই অনুষ্ঠানতে আগবঢ়োৱা হয় বঁটা আৰু বিশেষ সম্বৰ্ধনা। মহাবহু ব্ৰহ্মপুত্ৰ বঁটা শিল্পী জুবিন গাৰ্গলৈ, নেতাই ধুবুনি বঁটা সমাজ সেৱক বিজয় কুমাৰ জৈনলৈ ,গদাধৰ বঁটা চলচ্চিত্ৰ পৰিচালক নিৰ্দেশক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ড০ ববী শৰ্মা বৰুৱা,সুলক্ষনা বৰুৱালৈ। NKTV PLUS ৰ consulting editor, জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈলৈও আগবঢ়ায় বিশেষ সম্বৰ্ধনা। কলিয়াবৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত। সংবাদক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিজন সাংবাদিকক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে কেশৱ মহন্তই।

এইদৰে দেশৰ সমান্তৰালকৈ অসমতো পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।গোলকগঞ্জ,কোকৰাঝাৰ,মঙলদৈতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। NKTVৰ পৰাও প্ৰতিগৰাকী সংবাদকৰ্মীলৈ থাকিল ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...