তিৱা লিবাৰেচন আৰ্মীৰ সামৰিক প্ৰশিক্ষণৰ গোপন ভিডিঅ’ EXCLUSIVE

প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে তিৱা লিবাৰেচন আৰ্মীৰ সামৰিক প্ৰশিক্ষণৰ এক গোপন ভিডিঅ’। অচিৰেই মূলসুঁতিলৈ উভতিব তিৱা লিবাৰেচন আৰ্মী। পাহাৰৰ অতব্য অৰণ্যৰ মাজত তিৱা লিবাৰেচন আৰ্মীৰ গোপন ট্ৰেইনিঙৰ ভিডিঅ’টোত স্পষ্টকৈ বহু কেইগৰাকী মহিলা কেদাৰো দেখিবলৈ পোৱা গৈছে।

Restoration Council for Tiwa state (RCTC) অথবা তিৱা ৰাজ্য পুনৰ প্ৰতিষ্ঠাৰ দাবীৰে সশস্ত্ৰ পন্থা গ্ৰহণ কৰি ২০১৪ চনত জন্ম হৈছিল তিৱা লিবাৰেচন আৰ্মীৰ। সময়ে-সময়ে অসম আৰক্ষীৰ হাতত কিছু বিদ্ৰোহী কেদাৰ ধৰা পৰিছিল যদিও মধ্য অসমৰ বিভিন্ন ঠাইত বিদ্ৰোহী সংগঠনটোৱে চলাই গৈছিল বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপ। সংগঠনটোৰ চেয়াৰমেন তথা শিক্ষা আৰু বিত্তীয় সচিবৰো দায়িত্বত থকা বিদ্যুত আমচং, মুখ্য সেনাধ্যক্ষ সঞ্জু বৰদলৈ ওৰফে নাইচোদাও জনালচিং হুকাইৰ নেতৃত্বত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত প্ৰায় এশজনীয়া উগ্ৰপন্থীৰ দল এটাই কাৰ্বি পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চল নগাঁও, মৰিগাঁও আদি ঠাইত ধন দাবী, অপহৰণ, গ্ৰেনেড বিস্ফোৰণ আদি বিভিন্ন কূটাঘাটমুলক কাৰ্যকলাপেৰে এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল।

বিজেপি চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ মাত্ৰ চাৰি মাহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপৰ ফলতেই অচিৰেই সমাধানৰ পথত তিৱা উগ্ৰপন্থী সমস্যাৰ। অহা এসপ্তাহৰ ভিতৰতেই সশস্ত্ৰ পন্থা ত্যাগ কৰিব বিদ্যুত আমচং সহ ৮৮ জন বিদ্ৰোহী সদস্যই। Restoration Council For Tiwa State চমুকৈ RCTCৰ ৰাজনৈতিক, শৈক্ষিক তথা সামৰিক শাখা সহ আটাইবোৰ সদস্যই চৰকাৰৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিব। কিছুদিন পূৰ্বে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বত RCTCৰ প্ৰতিনিধি দল এটাই মুখ্যমন্ত্ৰীক লগ কৰি শান্তি প্ৰক্ৰিয়াৰ বিষয়টো আগবঢ়াই লৈ গৈছিল। ইতিমধ্যে, মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে সমগ্ৰ বিষয়টো আলোচনা কৰি আৰক্ষীৰ বিশেষ শাখাৰ ADGP হীৰেন নাথক দায়িত্ব দিছে শান্তি আলোচনাৰ মডেলিটি তৈয়াৰ কৰিবলৈ। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সেউজ সংকেত লাভ কৰিলেই তিৱা লিবাৰেচন আৰ্মীৰ আটাইবোৰ শাখাৰ প্ৰতিনিধি সহ সকলো সদস্যই অস্ত্ৰ সম্বৰণ কৰি মুলসুঁতিলৈ ঘুৰি আহিব বুলি সুত্ৰই জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...