ধিঙৰ বাঘ আৰু টোপনি সমানেই হেৰাল

ধিঙৰ বাঘ আৰু টোপনি, সমানেই হেৰাল। এদিন দুদিনকৈ আজি ২৭ দিনে পেটৰ ভোক, ৰাতিৰ টোপনি নোহোৱাকৈ পাৰ কৰিছে ধিঙৰ আঠগাঁওবাসীয়ে। সেই বানৰ সময়তে লাওখোৱাৰ পৰা ওলাই অহা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে আশ্ৰয় লৈছিল এই অঞ্চলত। বাঘ দেখাৰ পাছতে জীউ যাওঁ যাওঁ হৈছিল একাংশৰ। তাৰ পাছতে খবৰ দিছিল বন বিভাগক। তাৰ পাছৰ পৰাই কত’ যে কি। নগাঁৱৰ জুৰীয়াৰ জেঙনি, পুঠিমাৰী, বলিকটীয়া আদি অঞ্চলত এটা পষেকজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত নগাঁৱৰ ধিং অঞ্চলত আশ্ৰয় গ্ৰহণ কৰিছিল বাঘটোৱে। প্ৰথমে স্থানীয় বন বিভাগৰ বাঘ ধৰাৰ প্ৰয়াস। আতংকিত ৰাইজক সামান্য পৰিমাণে সকাহ দি উপস্থিত হৈছিলগৈ বন বিভাগৰ লোক। চেষ্টা দেখি ৰাইজে ভাবিছিল বাঘ ধৰাৰ পাছতহে ভালকৈ খাম। ভালকৈ শুম। স্থানীয় বনকৰ্মীয়ে অভিযান চলালে। বিফল, বাঘ ধৰিব নোৱাৰিলে। চেষ্টা অব্যাহত থাকিল।

শিঙিমাৰী বজাৰত জে চি বি, ড্ৰোণেৰে চলিল অভিযান। বুধবৰীয়া সাপ্তাহিক বজাৰ বন্ধ কৰি দিয়া হ’ল। আঠগাঁৱত প্ৰৱেশ কৰিয়েই ঘন জংঘলৰ ভিতৰলৈ সোমাই গ’ল বাঘটো। আঠগাঁৱতো দুখন ড্ৰোণ, জে চি বি’ৰে চলিল অভিযান। ছাগলীৰ সহায়ত পিঞ্জৰাবদ্ধ কৰাৰো প্ৰয়াস চলিল। কিন্তু বনৰীয়া গাহৰিৰে ভৰি থকা হাবিত আশ্ৰয় লোৱা বাঘটোৱে ছাগলীলৈও নিদিলে গুৰুত্ব। কাজিৰঙা, ৰাজ্যিক চিৰিয়াখানাৰ পৰাও আহিল বিশেষজ্ঞ। লগোৱা হৈছিল ১০টা ছেন্সৰ কেমেৰা। মেঘালয়ৰ পৰাও অনা হৈছিল ড্ৰোণ। সেই ড্ৰোণতে আবদ্ধ হৈছিল এখন ফটো। সেই ফটোখনৰ বাদে আৰু বন বিভাগে একোৱেই নাপালে। বিশ্ৰাম কৰি থকা বনৰজাক দেখি পুনৰ পেটতে হাত-ভৰি লুকাল ধিংবাসীৰ। তেনেকৈয়ে চলি থাকিল। জে চি বি আহিল। বন বিষয়া আহিল। বাঁহ আনিলে, আঁঠুৱা আনিলে, জাল পাতিলে। নাই। বনৰজা নপৰেহে নপৰে জালত।

পুনৰ ওৰাঙৰ পৰা আহিল এটা দল। ব্যৱহাৰ কৰিলে আঁঠুৱা, গ্ৰীণ নেট। কাম নহ’ল। এইবাৰ সুন্দৰবন, নাইনিতালৰ পৰা আহিল বিশেষজ্ঞ। ১৫টা ছেন্সৰ কেমেৰা লগালে। আনিলে বিশেষ জাল, খান্দিলে ৭ শতাধিক গাঁত। দুই কিলোমিটাৰ দীঘল জাল মেৰিয়াই দিয়া হল বাঘ থকা বুলি ভবা ঠাইডোখৰত। ১০০ শ্ৰমিক, ১৫খন জে চি বি, ৫টা পিঞ্জৰা, ২টা হাতী। তাৰ পাছত লাওখোৱাৰ বনৰজা সুন্দবনৰ জাল জঁপিয়াই গুছি গল। এতিয়া ধিঙৰ আঠগাঁৱত হেনো ঢেঁকীয়াপতীয়া বাঘটো নাই। কিন্তু নাই যদি ক’লৈ গল। আজি নাই মানে আৰু নাহিবই নেকি। যি ঠাইলৈ বাঘটো গুছি গল সেই ঠাইৰ মানুহৰ কি হ’ব। এনে বহু প্ৰশ্ন, দুৰ্ভাৱনা মনত লৈ ঘৰৰ ভিতৰতে এতিয়াও সময় কটাইছে ধিংবাসীয়ে। ধিং এতিয়া নীৰৱ-নিতাল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...