১৮ মাৰ্চত মুকলি কৰা হ’ব আৰ আৰ-কে কে আৰ আই পি এল মেচৰ ছাত্ৰ-ছাত্ৰীৰ টিকট কাউণ্টাৰচি এছ কে-আৰ আৰ মেচৰ অন্তিম পৰ্যায়ৰ টিকট মুকলি

গুৱাহাটী, ১৫ মাৰ্চ ঃ অহা ২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ মেচখনৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকট অহা ১৮ মাৰ্চত মুকলি কৰা হ’ব৷ এই টিকট কিন্তু অনলাইনত উপলদ্ধ নহয়৷ বিপৰীতে মহানগৰীত বিশেষ স্থানত টিকট কাউণ্টাৰ মুকলি কৰা হ’ব৷ কাউণ্টাৰলৈ প্ৰথমে অহা জনে টিকট সংগ্ৰহ কৰিব পাৰিব৷ টিকট কাউণ্টাৰৰ স্থান আৰু মুকলি কৰাৰ সময় আগদিনা জনোৱা হ’ব৷

উল্লেখ্য যে এই টিকট ক্ৰয় কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ সঠিক প্ৰমান প্ৰত্ৰ দেখুৱাব লাগিব৷ টিকটৰ মুল্য পাঁচশ টকা৷ ৰাজস্থান ৰয়েলছ একমাত্ৰ আই পি এল দল যিয়ে ছাত্ৰ-ছাত্ৰীক কম মূল্যত বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ দলে গুৱাহাটীৰ লগতে জয়পুৰত খেলিব লগা আটাইকেইখন গৃহ মেচতে ছাত্ৰ-ছাত্ৰীক বিশেষ টিকট দিয়াৰ ব্যৱস্থা কৰিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা ৩০ মাৰ্চত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ দ্বিতীয়খন আই পি এল মেচৰ ছাত্ৰ-ছাত্ৰীৰ টিকট মুকলিৰ দিন পৰবৰ্তী সময়ত ঘোষণা কৰা হ’ব৷

ইফালে, অহা ৩০ মাৰ্চৰ চি এছ কে আৰু আৰ আৰ দলৰ মেচখনৰ অন্তিম পৰ্যায়ৰ টিকট বুক মাই শ্ব’ত মুকলি কৰা হৈছে৷ যিসকল দৰ্শকে এই মেচখন উপভোগ কৰাৰ আশা কৰিছে এয়াই হ’ব টিকট ক্ৰয়ৰ অন্তিম সুযোগ৷ প্ৰায় ৩৫ হেজাৰ দৰ্শক বহিব পৰাৰ সুবিধা থকা এ চি এ ষ্টেডিয়ামৰ উক্ত মেচখনৰ দুই-তিনি হেজাৰ টিকটহে বিক্ৰি হ’বলৈ বাকী আছে৷ অৱশ্যে আই পি এল উপভোগ কৰিব বিচৰা গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীয়ে দ্বিতীয় মেচখনৰ টিকটৰ পৰা বঞ্চিত হ’লেও অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখনৰ টিকট ক্ৰয় কৰিব পাৰিব৷ বুক মাই শ্ব’ত এই মেচৰ প্ৰায় দহ হেজাৰ টিকট এতিয়াও আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...