অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৬] ৰ ৰাজস্থান ৰয়েলছ আৰু আৰ চি বিৰ মাজৰ মেচখনৰ টিকট কাইলৈৰ পৰা [পাঁচ এপ্ৰিল] দৰ্শকৰ বাবে মুকলি কৰা হ’ব৷ উল্লেখ্য যে বিগত বৰ্ষৰ চেম্পিয়ন বিৰাট কোহলিৰ দল আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে এইবাৰ গুৱাহাটীত খেলিব৷ এয়া গুৱাহাটীত অনুষ্ঠিত হ’বলগা চলিত ছিজনৰ তৃতীয় তথা অন্তিমখন আই পি এল মেচ৷
আজি ৰাজস্থান ৰয়েলছৰ অফিচিয়েল টিকেট পাৰ্টনাৰ ডিষ্ট্ৰিক্ট বাই জ’মাটোৰ ফালৰ পৰা জনোৱা অনুসৰি কাইলৈ পূৱা ১০-১১ বজাৰ ভিতৰত ইতিমধ্যে নিজৰ নাম পঞ্জিয়ন কৰি থোৱা দৰ্শকসকলে প্ৰথমে টিকট ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব৷ আনহাতে, দুপৰীয়া এক বজাৰ পৰা সকলো ক্ৰীড়াপ্ৰেমীয়ে মেচখনৰ টিকট ল’ব পাৰিব৷
অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে দৰ্শকৰ অনুৰোধ ৰক্ষা কৰি অনলাইন টিকটৰ লগতে অফলাইন টিকটৰো ব্যৱস্থা কৰিছে৷ জি এছ ৰ’ডৰ চিটী চেণ্টাৰ [দিনৰ এক বজাৰ পৰা নিশা ন বজালৈ] আৰু এ চি এ ষ্টেডিয়ামৰ কাষৰ ছাউথ পইণ্ট স্কুল [দিনৰ এঘাৰ বজাৰ পৰা আবেলি পাঁচ বজালৈ] ত টিকট কাউণ্টাৰ মুকলি কৰা হৈছে৷ অৱশ্যে আৰ আৰ-আৰ চি বিৰ টিকট কাইলৈ অনলাইনতহে উপলদ্ধ হ’ব৷ বিপৰীতে মহানগৰীৰ উভয় কাউণ্টাৰত দৰ্শকে অহা সাত এপ্ৰিলত গুৱাহাটীত হ’বলগা আৰ আৰ-এম আই মেচৰ যি সিমিত সংখ্যক টিকট বাকী আছে সেয়া ক্ৰয় কৰিব পাৰিব৷
উল্লেখ্য যে এইবাৰ দৰ্শকৰ সুবিধাৰ বাবে ৰাজস্থান ৰয়েলছে প্ৰথমবাৰৰ বাবে ডিজিটেল মোবাইল টিকেটিং ব্যৱস্থা আৰম্ভ কৰিছে৷ এই সুবিধা ল’বৰ বাবে দৰ্শকে একমাত্ৰ ডিষ্টিক্ট-জ’মাটো এপৰ সহায় ল’ব লাগিব৷ এপ ষ্ট’ৰ বা গুগুল প্লে ষ্ট’ৰ পৰা ডিষ্টিক্ট-জ’মাটো এপটো ডাউনলড কৰি অতি সহজে মেচৰ বাবে নিজৰ পছন্দৰ টিকটতো ম’মাইল ফোনতে ক্ৰয় কৰিব পাৰিব৷
