মানিকপুৰৰ পৰা নিৰুদ্দেশ হোৱা তিনি ছাত্ৰক গুৱাহাটীত উদ্ধাৰ

মানিকপুৰৰ পৰা নিৰুদ্দিষ্ট হোৱা তিনি ছাত্ৰক উদ্ধাৰ। মানিকপুৰ আৰক্ষীয়ে মোবাইল লোকেচন ট্ৰেছ কৰাৰ চেষ্টা কৰিছিল যদিও সফল হোৱা নাছিল। পৰৱৰ্তী সময়ত গুৱাহাটীত উদ্ধাৰ কৰা হয় তিনি কিশোৰক। মমিনুল ইছলাম নামৰ এজন ছাত্ৰই তিনিওকে বাছত উঠাই পঠিয়াইছিল গুৱাহাটীলৈ। তিনিও ছাত্ৰ গুৱাহাটী ষ্টেচনত ঘূৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল মানিকপুৰ অঞ্চলৰ এজন ব্যক্তিয়ে। সেই ব্যক্তিজনেই ছাত্ৰ তিনিওজনক ছাত্ৰীবাৰীলৈ লৈ গৈ আৰক্ষীক খবৰ দিছিল। পাছত ছাত্ৰীবাৰীৰ পৰা ভৰলু আৰক্ষীৰ সহযোগত মানিকপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে তিনি নিৰুদ্দিষ্ট ছাত্ৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...