বংগোপ সাগৰত কিয় মৃত্যু ঘটিছে লাখ লাখ মাছৰ?

বংগোপসাগৰত ঘটিছে ৰহস্যজনক পাৰিপাৰ্শ্বিক বিপৰ্যয়। বাংলাদেশৰ কক্সবাজাৰ সমুদ্ৰ উপকূলত হঠাৎ আহি পৰিছে লাখ লাখ মৃত মাছ। সমুদ্ৰৰ পৰা ঢৌত উটি আহি উপকূলৰ ভূপৃষ্ঠত আহি পৰা এই মৃত মাছসমূহৰ আটাইবোৰ সৰু প্ৰজাতিৰ। শনিবাৰৰ সন্ধিয়াৰ পৰাই এই মৰা মাছ ভাহি অহা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল যদিও দেওবাৰৰ পৰা সোমবাৰৰ ভিতৰত প্ৰক্ৰিয়াটো তৰান্বিত্ব হৈ উঠে। ইতিমধ্যে সমুদ্ৰ উপকূলত উৎসুক জনতাই প্ৰচণ্ড ভিৰ কৰা পৰিলক্ষিত হৈছে। বহুতে মাছসমূহ সংগ্ৰহো কৰিছে। এই মাছ স্থানীয় বাসিন্দাসকলৰ মাজত চামিলা বুলি পৰিচিত। কিয় এনেদৰে ইমান ব্যাপক মাত্ৰাত মাছসমূহ মৰিছে সেয়া এতিয়াও স্পষ্ট নহয় যদিও এয়া এক প্ৰদূষণ বা পাৰিপাৰ্শ্বিক বিপৰ্যয় বুলিয়েই প্ৰাৰম্ভিকভাৱে ধাৰণা কৰা হৈছে। আৰু এই বিপৰ্যয় যদি গভীৰ হয়, তেনেহ’লে ই যে বংগোপসাগৰীয় উপকূলৰ আৰু একাধিক দেশক ক্ষতিগ্ৰস্ত কৰিব সেয়াও নিশ্চিত হৈ উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...