পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়, প্ৰকৃতিয়ে তেতিয়াহে মানুহক ভাল পাব, যেতিয়া এজন মানুহে প্ৰকৃতিক ভাল পাবলৈ শিকিব। আজি এজন প্ৰকৃতিপ্ৰেমীৰ কাহিনীৰে এই প্ৰতিবেদন। পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান। পেছাত অৰুণাচল আৰক্ষীত কৰ্মৰত এজন জোৱান, তেওঁৰ নাম ৰৌশন উপাধ্যায়। আৰক্ষী জোৱানজনৰ খাকীৰ আঁৰত আছে অনন্য প্ৰকৃতিপ্ৰেমৰ জোৱাৰ।


খাকী পোছাকৰ আঁৰৰ অনাবিল প্ৰকৃতি প্ৰেমৰ বাবেই, তেওঁ জনাজাত বাটাৰফ্লাই মেন। তেওঁ য’লৈকে যায়, তালৈকে খেদি ফুৰে বিবিধ প্ৰজাতিৰ পখিলাই। যেন পখিলাৰ সৈতে ৰৌশন উপাধ্যায়ৰ আজন্ম প্ৰেম। অলপতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চৰাইপুং ৰেঞ্জত ৰৌশন উপাধ্যায়ে বিচাৰি উলিয়াইছে ১৫৩ বিধ প্ৰজাতিৰ পখিলা। এইবিলাকৰ মাজত আছে ইণ্ডিয়ান অ’ল্ড কিং, গ’ল্ডেন বাৰ্ড উইং, অৰেঞ্জ এলবাট্ৰ’জ, কহিনুৰৰ দৰে বিৰল প্ৰজাতিৰ পখিলাও।
‌‌
পখিলা সংৰক্ষণৰ বাবে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট সমল আছে। এই সমলসমূহ যদি ভৱিষ্যতলৈও সুৰক্ষিত থাকে তেনেহ’লে বিবিধ আৰু বিৰল প্ৰজাতিৰ পখিলাৰ বসতিস্থললৈ পৰিণত হ’ব দিহিং পাটকাই। যি ধৰণে কাজিৰঙাত বন্যপ্ৰাণী তথা পৰিৱেশ পৰ্য্যটনৰ বাবে পৰ্য্যটক সকলে আকৰ্ষিত হৈ ইয়াত সোঁত বয় তেনে অৱস্থাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানটো ইয়াৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু প্ৰয়োজন আছে কেৱল মাত্ৰ প্ৰচাৰ-প্ৰসাৰ আৰু সজাগতাৰ।

কৰ্তব্যৰ মাজতে এজন আৰক্ষী জোৱানৰ প্ৰকৃতি প্ৰেমে সমাজখনলৈ এক বাৰ্তা দিছে। যি বাৰ্তাৰে এখন সেউজ ধৰনীৰ সম্ভাৱনাই তলবল কৰিব প্ৰতিজন প্ৰকৃতি প্ৰেমীৰ দুচকুত। ৰৌশন উপাধ্যায়ে পখিলাকলৈ অব্যাহত ৰখা এনে যাত্ৰাই ন ন গৱেষণাৰ পথ প্ৰশস্ত কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...