মালাইকাৰ পৰা চঈফ আলী খানলৈকে, বিবাহ বিচ্ছেদৰ পিছত এইসকল তাৰকাই বিচাৰি পালে সঁচা প্ৰেম!

বলীউডৰ বহু তাৰকা আছে যাৰ জীৱন বিবাহ ভংগ অথবা বিবাহ বিচ্ছেদৰ বাবে চৰ্চিত। এই চেলিব্ৰেটীসকলৰ বাবে বিবাহ বিচ্ছেদৰ পিছত নিজক স্বাভাৱিক কৰি ৰখাটো কঠিন আছিল কিন্তু তেওঁলোকে বহুদিনলৈ অপেক্ষা কৰিব লগা নহৈছিল। বৈবাহিক জীৱন সফল নোহোৱাৰ পিছতো দ্বিতীয় প্ৰেম বিচাৰি পাইছিল। এনে কিছুমান চেলিব্ৰেটীৰ বিষয়ে জানো আহক যিসকলে বিবাহ বিচ্ছেদৰ পিছত নতুন সংগী লাভ কৰি নিজৰ জীৱন সুখেৰে যাপন কৰিছে।

মালাইকা অৰোৰাই ২০১৬ চনত আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। ১৮ বছৰীয়া বিবাহ ভাঙি পৰাত ব্যাপক চৰ্চিত হৈছিল। দুয়োজনৰ বিবাহ বিচ্ছেদ ২০১৭ চনত পাৰস্পৰিক সন্মতিৰ দ্বাৰা আদালতৰ দ্বাৰা মঞ্জুৰ কৰা হৈছিল। মালাইকাই বিবাহ বিচ্ছেদ হোৱাৰ লগে লগে অৰ্জুন কাপুৰৰ সৈতে নিজৰ প্ৰেম বিচাৰি পাইছিল। প্ৰথমে মালাইকাই অৰ্জুনৰ সৈতে এখন ৰোমাণ্টিক ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। তেতিয়াৰ পৰা মালাইকা আৰু অৰ্জুন একেলগে আছে।

চঈফ আলী খানৰ জীৱনত কেতিয়াও প্ৰেমৰ অভাৱ হোৱা নাছিল। ২০০৪ চনত অমৃতাৰ সৈতে ১৩ বছৰীয়া দাম্পত্য জীৱনৰ অন্ত পৰে আৰু বিবাহ বিচ্ছেদ হয়। ইয়াৰ ঠিক পিছতে ইটালীৰ মডেল ৰোজাৰ সৈতে লিভ-ইনত থাকিবলৈ লৈছিল। কেইবছৰমান ৰোজাৰ সৈতে সম্পৰ্কত থকাৰ পিছত চঈফে ৰোজাৰ সৈতে বিচ্ছেদ কৰিছিল। ইয়াৰ পিছত কৰীণা কাপুৰৰ বিচ্ছেদৰ লগে লগে ডেটিং আৰম্ভ কৰিছিল চঈফে। কেইবছৰমান ডেটিঙৰ পিছত ২০১২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল।

ফাৰহান আখটাৰৰো বিবাহ বিচ্ছেদ হয় ২০১৭ৰ এপ্ৰিলত। অধুনাৰ সৈতে ফাৰহানৰ সম্পৰ্ক স্থায়ী নহল আৰু দুয়োৰে বিবাহ বিচ্ছেদ হয়। বিবাহৰ ১৭ বছৰৰ পিছত দুয়ো পৃথক হৈছিল। বিবাহ বিচ্ছেদৰ পিছতহে শিবানী দাণ্ডেকাৰ ফাৰহানৰ জীৱনলৈ আহিছিল। ২১ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হৈ নতুন জীৱন আৰম্ভ কৰিব ফাৰহান-শিবানীয়ে।

অৰ্জুন ৰামপালে ১৯৯৮ চনত চুপাৰমডেল মেহৰ জেচিয়াক বিয়া কৰাইছিল। দুয়োৰে দুগৰাকী কন্যাও আছে, নাম মাহিকা আৰু মাইৰা। অৰ্জুন-মেহৰৰ বিবাহৰ ২১ বছৰৰ অন্তত দুয়োৰে ২০১৯ চনত বিবাহ বিচ্ছেদ হয়। বিবাহ বিচ্ছেদৰ পিছত দক্ষিণ আফ্ৰিকাৰ মডেল গেব্ৰিয়েলাৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল। গেব্ৰিয়েলা অৰ্জুনতকৈ ১৪ বছৰ সৰু। দুয়োজনে ২০১৯ৰ ১৮ জুলাইত পুত্ৰ এৰিকৰ পিতৃ-মাতৃ হৈছিল।

কল্কি কছলীন আৰু অনুৰাগ কাশ্যপৰ কথা হয়তো আপুনিও জানে। ২০০৯ চনত ‘দেৱ ডি’ৰ ছেটত আৰম্ভ হোৱা প্ৰেম কাহিনীয়ে পিছত বিবাহৰ ৰূপ হৈছিল। কেইবছৰমানৰ ভিতৰতে দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয় আৰু ২০১৫ৰ ১৯ মেত বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত কল্কিয়ে ইজৰাইলী সংগীতজ্ঞ গাই হৰ্ষবাৰ্গৰ সৈতে লিভ-ইনত থাকিবলৈ লয়। দুয়োৰে চাবো নামৰ এজনী ছোৱালীও আছে।

এনে বহু তাৰকা আছে যিসকলে প্ৰেম বিবাহৰ পিছতো নিজৰ সম্পৰ্ক স্থায়ী ৰূপ দিব নোৱাৰিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...

ফিফা বিশ্বকাপত ভাৰত কিয় নাই? ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীয়ে কি কয়?

চলি আছে ২০২৬ৰ ফিফা বিশ্বকাপ। আলজেৰিয়াৰ বিৰুদ্ধে লিয়'নেল মেচিৰ...

ডিমৰীয়া সম জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন(Yoga for healthy ageing) শীৰ্ষক মূলমন্ত্ৰৰে...