নিশা জি এছ ৰোডত তীব্ৰ উত্তেজনা

নিশা জি এছ ৰোডত তীব্ৰ উত্তেজনা। বাঁহ-ৰডেৰে এজন যুৱকক নৃশংস আক্ৰমণ কৰিলে উন্মত্ত এটা দলে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতহে ঘটিল ৰহস্যজনক ঘটনা। পঞ্চম টাৱাৰৰ পাৰ্কিঙত আবদ্ধ হৈ আছিল দুজন যুৱক। আৰক্ষীয়ে প্ৰৱেশ কৰাৰ পাছত অট্টালিকাৰ পৰা নামি আহিল ৰহস্যময়ী যুৱতী।

এওঁলোক ক’ৰ পৰা আহিছে?
নিশা পঞ্চম টাৱাৰত আচলতে কি চলে?
ৰড-বাঁহ লৈ অতপালি কৰা যুৱককেইজন কোন কোন?

নিশা মহানগৰীৰ জি এছ ৰোডত উত্তপ্ত পৰিস্থিতি। পঞ্চম টাৱাৰৰ সন্মুখত এজন যুৱকক নিৰ্মম প্ৰহাৰ কৰিলে উদণ্ড যুৱকৰ এটা দলে। বাঁহেৰে কোবাই মূৰ ফালিলে যুৱকৰ। কোনো কাৰণ নোহোৱাকৈ প্ৰহাৰ যুৱকজনৰ। ৫-৬জনীয়া যুৱকৰ দলৰ আক্ৰমণ। এই ঘটনাৰ পাছতেই সৃষ্টি হল উত্তপ্ত পৰিস্থিতি। আক্ৰমণৰ বলি হোৱা যুৱকে খবৰ দিলে আৰক্ষীক। আৰক্ষী উপস্থিত হোৱাৰ পাছত ৰহস্যজনক কিবা-কিবি।

গেটত তলা লগোৱা
ভিতৰত আবদ্ধ আন দুজন যুৱক

দুজন যুৱকক পাৰ্কিঙত আবদ্ধ কৰি ৰাখিছিল এটা দলে। সেই যুৱক দুজনৰ চিঞৰ শুনি আগবাঢ়িল আৰক্ষী। তেতিয়াই অট্টালিকাটোৰ পৰা নামি আহিল যুৱতী-তৃতীয় লিংগৰ লোক। কেমেৰা-আৰক্ষী দেখি পলায়ন। গেটত ভিতৰৰ পৰা তলা লগাই পলায়ন কৰে যুৱকৰ দলটোৱে। স্থানীয় ৰাইজৰ অভিযোগ পঞ্চম টাৱাৰত চলে অনৈতিক কাম-কাজ। তাৰেই পৰিণতি এই মাৰপিট। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। কিন্তু কৰ যুৱক, কিয় এই মাৰপিট সেয়া এতিয়াও পোহৰলৈ অহা নাই। ক্ৰমাত
নিৰাপত্তাহীন জি এছ ৰোড

নিশা হ’লেই জি এছ ৰোডত উদণ্ড যুৱকে চলাই সন্ত্ৰাস। নিৰাপত্তাৰ নামত গাড়ী-বাইক ধৰি দুই-এঠাইত এনালাইজাৰ মুখত ভৰায় আৰক্ষীয়ে। বাকী কোনো পদক্ষেপ নাই। সেয়ে নিশা সুৰাৰ ৰাগীত মাতাল হৈ জি এছ ৰোডলৈ ওলাই আহে একাংশ যুৱক। আৰু সেই যুৱকৰ বাবেই সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি। শনিবাৰে নিশাও সেয়াই হ’ল। আঁৰত কি ৰহস্য, উদঘাটন হ’ব আৰক্ষীৰ তদন্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...