অচিন ৰোগৰ আতংক কাকপথাৰৰ টঙনাগাঁও চাহ বাগিচাত

কাকপথাৰৰ টঙনাগাঁও চাহ বাগিচাত এতিয়া মৃত্যুশংকাত ভূগিছে জনতা। অচিন ৰোগত আক্ৰান্ত হৈ এজন দুজনকৈ বাগিচাখনত ১১জন লোকৰ মৃত্যু হল। ইয়াৰ পাছতো স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। একেসময়তে চৰাইদেউ জিলাত HIVৰ আতংক। জিলাখনৰ কুৰিতকৈ অধিক ড্ৰাগ্ছআসক্ত যুৱক আক্ৰান্ত HIVত। ইপিনে দৰঙৰ পৰাও আহিছে উদ্বেগজনক খবৰ।

অচিন ৰোগৰ আতংক কাকপথাৰৰ টঙনাগাঁও চাহ বাগিচাত
এজন এজনকৈ এতিয়ালৈ প্ৰাণ গ’ল ১১জন লোকৰ

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনাগাঁও চাহ বাগিচাত এতিয়া মৃত্যুৰ কিৰিলি৷ ইজনৰ পাছত সিজন লোকৰ প্ৰাণ গৈছে বাগিচাখনত। যোৱা এসপ্তাহ ধৰি বাগিচাখনত ধাৰাবাহিকভাবে ইজনৰ পাছত সিজন লোক আক্ৰান্ত হৈছে কলেৰা-ডায়েৰিয়া সদৃশ ৰোগত। এতিয়ালৈ ১১জন লোকে আকোঁৱালি ল’লে মৃত্যুক। বহু লোক এতিয়াও বিছনাত। সেয়ে আতংক চাহ বাগিচাখনত। স্বাভাৱিকতে ভয় খাইছে এওঁলোকে। কাৰোবাৰ এখন ঘৰৰেই দুজন সদস্যৰ মৃত্যু। ভয়ত পেটতেই হাত-ভৰি লুকাইছে এওঁলোকৰ।
স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ দল-সংগঠনৰ
মন্ত্ৰী সঞ্জয় কিশানে বাগিচাখন পৰিদৰ্শন কৰিলে ঠিকেই পৰিস্থিতিৰ বুজ ললে ঠিকেই। তাৰ পাছতো কিন্তু জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আটছা তিনিচুকীয়া জিলা সমিতিৰ৷ আটছাৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এই বিষয় সন্দৰ্ভত ছয় দফীয়া দাবীৰ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত টঙনা চাহ বাগিচাত উপস্থিত হৈছে জিলা স্বাস্থ্য বিষয়াৰ লগতে চিকিৎসা কৰ্মীৰ দল, চক্ৰ বিষয়া। কিন্তু প্ৰকৃততে কি ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ফলত অচিন ৰোগৰ আতংক বাগিচাখনত। কিছুদিন পূৰ্বে দৰঙৰ পৰা আহিছিল আন এটা উদ্বেগজনক খবৰ।
ফেব্ৰুৱাৰী মাহৰ পৰা ঔষধ নাই দৰং জিলা যক্ষ্মা কেন্দ্ৰত
চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা যক্ষ্মা ৰোগীৰ ঔষধ কিয় পাবলৈ নাই সেয়া এতিয়ালৈ জানিব পৰা নাই যক্ষ্মা কেন্দ্ৰৰ কৰ্মচাৰীয়ে। ৩৪৩ জনতকৈয়ো অধিক ৰোগীয়ে দৰঙত বিচাৰে যক্ষ্মাৰ দৰৱ। তেওঁলোক এতিয়া চিন্তিত। ইপিনে, চৰাইদেউত HIVৰ আতংক…
চৰাইদেউত দুৰ্ঘটনাত পতিত হৈ এজন যুৱকৰ মৃত্যু হৈছিল। ড্ৰাগ্ছ আসক্ত যুৱকজন HIV পজিটিভ বুলি পোহৰলৈ আহিছিল। তাৰ পাছতে আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
চৰাইদেউত কুৰিতকৈ অধিক যুৱক আক্ৰান্ত HIVত
ড্ৰাগ্ছ সেৱনৰ ফলতেই এজন যুৱকৰ পৰা আন এজন যুৱকলৈ বিয়পিছে HIV! এই তথ্য পোহৰলৈ অহাৰ পাছতেই হাহাকাৰ চৰাইদেউ জিলাত। ৰাজ্যৰ কেইবাখনো জিলাত এতিয়া নিজৰ জীৱন-স্বাস্থ্যক লৈ চিন্তিত জনতা। ৰাইজ উদ্বিগ্ন হোৱাৰ আনটো কাৰণ হল আশাকৰাধৰণে কোনো সহাৰি নাই স্বাস্থ্য বিভাগ তথা চৰকাৰৰ। এয়া সঁচাকৈ চিন্তনীয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...