এছিয়াডৰ বাবে যোগ্যতা আৰ্জিও বঞ্চিত ভাৰতৰ দ্রুততম মানৱ

এছিয়াডৰ বাবে যোগ্যতা আৰ্জিও বঞ্চিত ভাৰতৰ দ্রুততম মানৱ
দৌৰবিদ অম্লান বৰগোহাঁইক ভাৰতীয় দলত স্থান নিদিয়াক লৈ তীব্র ক্ষোভ
বিতৰ্কৰ মাজতে হোৱাংঝৌ এছিয়াডত অম্লানে স্থান নিশ্চিত বুলি দাবী লক্ষ্য কোঁৱৰৰ
লক্ষ্য কোঁৱৰ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ উপ সভাপতি

দেশৰ ভিতৰতে দ্রুততম দৌৰবিদ হিচাপে চিহ্নিত হৈছে অসমৰ অম্লান বৰগোহাঁই। ১০০ আৰু ২০০ মিটাৰ দৌৰত অপ্রতিৰোধ্য হিচাপে চিহ্নিত হৈছে দৌৰবিদ অম্লান।

পুৰুষৰ ১০০ আৰু ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী অম্লান
চীনৰ চেংডু নগৰীত বিশ্ব বিশ্ববিদ্যালয়ত ক্ৰীড়াত ব্রঞ্জ পাইছিল অম্লানে
যোৱা ৪ আগষ্টত ২০.৫৫ ছেকেণ্ডেৰে ২০০ মিটাৰ দৌৰ সম্পন্ন অম্লানৰ
হোৱাংঝৌ এছীয় ক্রীড়াত ২০০ মিটাৰত যোগ্যতামান হৈছে ২০.৬১ ছেকেণ্ড
যোগ্যতামান অৰ্জন কৰিও ভাৰতীয় দলত স্থান লাভ কৰা নাই অম্লানে

শেহতীয়াকৈ ৱৰ্ল্ড ইউনিৰ্ভাছিটী গেমছত প্রদৰ্শন কৰা সাফল্যৰ ভিত্তিত অম্লানে পোনপটীয়াকৈ এছিয়ান গেমছৰ বাবে নিৰ্বাচিত ভাৰতীয় দলত স্থান পাব লাগিছিল। কিন্তু আশ্চৰ্যজনকভাৱে বঞ্চিত হ’ল অম্লান।

এছিয়ান গেমছৰ বাবে ভাৰতৰ ৬৩৪গৰাকী খেলুৱৈ নিৰ্বাচিত
ইয়াৰে এথলেটিকছত আছে সৰ্বাধিক ৬৫গৰাকী খেলুৱৈ
কিন্তু এই দলত কিয় স্থান লাভ নকৰিলে অম্লানে

ইয়াকে লৈ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যন আৰু অসম এথলেটিক সন্থাৰ বিৰুদ্ধে ৰাজ্যজুৰি সমালোচনাৰ জোৱাৰ উঠিছে। এই সমালোচনাৰ মাজতে আশাৰ বাণী শুনালে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনৰ উপ সভাপতি লক্ষ্য কোঁৱৰে।

অহা ১১ বা ১২ ছেপ্টেম্বৰত এথলেটিকছ ফেডাৰেশ্যনে এছিয়ান গেমছৰ বাবে নিৰ্বাচিত খেলুৱৈৰ আন এখন তালিকা ঘোষণা কৰিব। তাতেই অম্লানৰ স্থান নিশ্চিত বুলি দাবী কৰিছে লক্ষ্য কোঁৱৰে। তথাপিও প্রশ্ন থাকি যায় যোগ্যতা আৰ্জিও কিয় অম্লান বৰগোহাঁই বঞ্চিত হ’ল প্রথম তালিকাত? হোৱাংঝৌলৈ যাওক আৰু পদক আনক অম্লানে। এয়াই আমাৰ সকলোৰে কামনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...