ভাৰত-আমেৰিকাৰ মাজত সৃষ্ট মতপাৰ্থক্য সমাধান হ’ব বুলি আশাবাদী আমেৰিকা

সাংহাই কো-অপাৰেশ্যন অৰ্গানাইজেশ্যন (SCO) সন্মিলনক মাৰ্কিন ৰাজস্বসচিব স্কট বেছান্তে প্ৰকৃততে শ্ব’অফৰ বাহিৰে একো নহয় বুলি মন্তব্য কৰিছে। তেওঁৰ দাবী, এই সন্মিলনক যিদৰে উপস্থাপন কৰা হৈছে, একো তেনেকুৱা নহয়। তেওঁ আৰু অভিযোগ কৰিছে যে, ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা তেল কিনি “বৰ বেয়া কাম” কৰি আছে। তথাপিও তেওঁ আশাবাদী যে, ভাৰতৰ সৈতে আমেৰিকাৰ মতবিৰোধৰ সমাধান হ’ব।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্কনীতি আৰু ভাৰত-আমেৰিকাৰ মাজত কূটনৈতিক সংঘাতৰ মাজতে সোমবাৰে চীনৰ তিয়ানজিন চহৰত SCOৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। তাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সাক্ষাৎ হয়। মোদীয়ে জিনপিং আৰু পুটিনৰ সৈতে পৃথকে পৃথকে বৈঠকো কৰিছে। এই কূটনৈতিক পৰিস্থিতিত আমেৰিকাৰ দৃষ্টি স্বাভাৱিকভাৱেই চীনৰ সমীকৰণৰ ওপৰত আছিল। কিন্তু মাৰ্কিন সংবাদমাধ্যম ‘ফক্স নিউজ’ক দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পৰ ৰাজস্বসচিবে মোদী-জিনপিং-পুটিনৰ সাক্ষাতক কিছু পৰিমাণে তুচ্ছ কৰাৰ চেষ্টা কৰিছে।

সোমবাৰৰ সন্মিলনখন বিগত কেইবামাহ ধৰি চলি থকা কেইবাখনো বৈঠকৰ ধাৰাবাহিকতাৰ অংশ আছিল। ইয়াৰ পূৰ্বে SCOৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল। এইবাৰ আছিল ৰাষ্ট্ৰনেতাসকলৰ বৈঠক। এই বৈঠকৰ প্ৰসংগত বেছান্তে কয়, “এয়া বহুদিন ধৰি চলি অহা এক বৈঠক, যাক সাংহাই কো-অপাৰেশ্যন অৰ্গানাইজেশ্যন বুলি কোৱা হয়। মই ভাবো, এই সন্মিলনত যিমান কথা দেখুওৱা হৈছে, প্ৰকৃততে সেয়া হোৱা নাই।” তেওঁ আৰু কয়, “চাওক, তেওঁলোকে বৰ বেয়া কাম কৰি আছে। ভাৰতে ৰাছিয়াক সমৰাস্ত্ৰৰ বাবে ইন্ধন যোগান ধৰি আছে। চীনেও ৰাছিয়াক সমৰাস্ত্ৰৰ বাবে ইন্ধন দি আছে।”

ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাৰ বাবে নতুন দিল্লীৰ প্ৰতি অসন্তোষ প্ৰকাশ কৰিলেও বেছান্তে ভাৰতক বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি বৰ্ণনা কৰিছে। তেওঁ কয়, “মূল্যবোধৰ দিশৰ পৰা ভাৰত ৰাছিয়া আৰু চীনৰ তুলনাত আমেৰিকাৰ বহু কাষত।” ভাৰত আৰু আমেৰিকাৰ মাজত সৃষ্ট মতপাৰ্থক্য আগন্তুক দিনত সমাধান হ’ব বুলিও তেওঁ আশাবাদী। বেছান্তৰ কথাত, “দুই মহান দেশে মিলি এই সমস্যাৰ সমাধান কৰিব।”

ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক শুধৰণৰ বিষয়ে বেছান্তে ইতিপূৰ্বেও এনে আশাবাদী মন্তব্য কৰিছিল। ‘ফক্স নিউজ’ক দিয়া আন এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, “মই ভাবিছিলোঁ মে’ বা জুনৰ ভিতৰত আমাৰ মাজত চুক্তি হৈ যাব। মই ভাবিছিলোঁ যে, যিবোৰ দেশৰ সৈতে আমাৰ চুক্তি হ’ব, তাৰ ভিতৰত ভাৰত অন্যতম হ’ব। তেওঁলোকে আমাৰ সৈতে দৰ-দাম কৰি আহিছে। লগতে ৰাছিয়াৰ পৰা তেল কিনাৰ এটা বিষয়ো আছে। সেইটো তেওঁলোকে নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰি আহিছে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...