ফটো উঠিবলৈ গৈ নদীত পিছলি পৰিল ছাত্ৰ, বৰ্তমানেও সন্ধানহীন

ফটোৱেই কাল হ’ল এজন ছাত্ৰৰ। ফুৰিবলৈ গৈ ছ’চিয়েল মিডিয়াত কোনে কিমান ফটো আপলোড কৰিব আৰু কোনে কিমান লাইক, কমেণ্ট পাব — তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চৌদিশে। কিন্তু এইবাৰ ফটোৱেই বিপদ মাতিলে এজন ছাত্ৰৰ জীৱনলৈ। সমনীয়াৰ সৈতে ফটো উঠিবলৈ গৈ নদীত পিছলি পৰিল ছাত্ৰ। হাহাকাৰ লাগিল চৌদিশে। বন্ধুৰ চেষ্টাও অথলে গ’ল, নদীৰ প্ৰচণ্ড সোঁতত উটি গ’ল এটা জীৱন।

শুকুৰবাৰে বিয়লিৰ ভাগত ঘটে সেই অনাকাংক্ষিত ঘটনাতো। চিমেন নদীত পৰি সন্ধানহীন হয় ডিব্ৰুগড়ৰ ছাত্ৰ। খবৰ অনুসৰি, চিমেন নদীৰ মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ ডিব্ৰুগড়ৰ পৰা গৈছিল এটা ৭জনীয়া ছাত্ৰৰ দল। চিমেন নদীৰ প্ৰাকৃতিক পৰিৱেশত ফটো তুলিছিল ছাত্ৰকেইজনে। কিন্তু তেনেতেই ঘটে সেই শোকাৱহ ঘটনাতো। এটা শিলত উঠি ফটো উঠিবলৈ লওঁতেই চিমেন নদীত পিছলি পৰিল আজিতেজ হাজৰিকা নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন। আজিতেজক নদীত পৰা দেখি এজন বন্ধু সহায়ৰ বাবে আগবাঢ়ি গৈছিল যদিও তেতিয়ালৈ নদীৰ সোঁতত উটি গৈছিল ছাত্ৰজন। ঘটনাৰ পিছতে সেই স্থানত উপস্থিত হয় চিমেন চাপৰি আৰক্ষী। ছাত্ৰজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে SDRF-এ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...