ফটো উঠিবলৈ গৈ নদীত পিছলি পৰিল ছাত্ৰ, বৰ্তমানেও সন্ধানহীন

ফটোৱেই কাল হ’ল এজন ছাত্ৰৰ। ফুৰিবলৈ গৈ ছ’চিয়েল মিডিয়াত কোনে কিমান ফটো আপলোড কৰিব আৰু কোনে কিমান লাইক, কমেণ্ট পাব — তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চৌদিশে। কিন্তু এইবাৰ ফটোৱেই বিপদ মাতিলে এজন ছাত্ৰৰ জীৱনলৈ। সমনীয়াৰ সৈতে ফটো উঠিবলৈ গৈ নদীত পিছলি পৰিল ছাত্ৰ। হাহাকাৰ লাগিল চৌদিশে। বন্ধুৰ চেষ্টাও অথলে গ’ল, নদীৰ প্ৰচণ্ড সোঁতত উটি গ’ল এটা জীৱন।

শুকুৰবাৰে বিয়লিৰ ভাগত ঘটে সেই অনাকাংক্ষিত ঘটনাতো। চিমেন নদীত পৰি সন্ধানহীন হয় ডিব্ৰুগড়ৰ ছাত্ৰ। খবৰ অনুসৰি, চিমেন নদীৰ মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ ডিব্ৰুগড়ৰ পৰা গৈছিল এটা ৭জনীয়া ছাত্ৰৰ দল। চিমেন নদীৰ প্ৰাকৃতিক পৰিৱেশত ফটো তুলিছিল ছাত্ৰকেইজনে। কিন্তু তেনেতেই ঘটে সেই শোকাৱহ ঘটনাতো। এটা শিলত উঠি ফটো উঠিবলৈ লওঁতেই চিমেন নদীত পিছলি পৰিল আজিতেজ হাজৰিকা নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন। আজিতেজক নদীত পৰা দেখি এজন বন্ধু সহায়ৰ বাবে আগবাঢ়ি গৈছিল যদিও তেতিয়ালৈ নদীৰ সোঁতত উটি গৈছিল ছাত্ৰজন। ঘটনাৰ পিছতে সেই স্থানত উপস্থিত হয় চিমেন চাপৰি আৰক্ষী। ছাত্ৰজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে SDRF-এ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...