টোপনি নহা বাবে ৰক্ষা পৰিল জীৱন… ছৌদি আৰৱৰ বাছ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ ব্যক্তিজনৰ কাহিনী

মক্কা-মদিনা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ৪৫গৰাকী ভাৰতীয়ৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে। মক্কাৰ পৰা মদিনালৈ যোৱা বাছখনত ২৪ বছৰীয়া মহম্মদ আব্দুল শ্বোয়াইব নামৰ যাত্ৰীজনে শুব পৰা নাছিল, আনহাতে আন ৪৫গৰাকী যাত্ৰীৰ আটাইকেইগৰাকী টোপনিত আছিল। গতিকে, তেওঁ চালকৰ কাষৰ আসনলৈ গৈ তেওঁৰ লগত আড্ডা মৰাত ব্যস্ত আছিল। বাছখনত এজন বিদেশী সহায়কাৰীও আছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে বাছৰ পৰা জঁপিয়াই দিয়ে শ্বোয়াইবে। তেল টেংকাৰৰ সৈতে খুন্দা মৰাৰ লগে লগে বাছখনত অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু ৪৫গৰাকী ভাৰতীয়ক জুইয়ে আগুৰি ধৰে। তেওঁ আন যাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে, কিয়নো জুইয়ে নিমিষতে বাছখন আগুৰি ধৰিলে। এই দুৰ্ঘটনাত বাছখনত থকা আন দুজন বিদেশী যাত্ৰীৰো মৃত্যু হয়।

হায়দৰাবাদ আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ভি চি সজ্জনাৰে কয় যে, হায়দৰাবাদৰ পৰা মুঠ ৫৪গৰাকী লোক ওমৰাহ কৰিবলৈ গৈছিল।

অৱশ্যে, নিজে ৰক্ষা পৰিলেও বাচি নাথাকিল শ্বোয়াইবৰ পৰিয়ালৰ লোক…

হায়দৰাবাদৰ ঝিৰৰাৰ নটৰাজানগৰ কলনীৰ বাসিন্দা শ্বোৱেইবে তেওঁৰ পিতৃ-মাতৃ আব্দুল কাদিৰ (৫৬) আৰু গৌচিয়া বেগম (৪৬) আৰু তেওঁৰ দাদা মহম্মদ মৌলানা আৰু তেওঁৰ ককাকৰ পৰিয়ালৰ আন চাৰিজন সদস্যৰ সৈতে ছৌদি আৰৱলৈ ওমৰাহৰ বাবে গৈছিল।

বৰ্তমান শ্বোয়াইব মদিনাৰ জাৰ্মান চিকিৎসালয়ত চিকিৎসালয়ত ভৰ্তি হৈ আছে।

হজযাত্ৰীসকলে মক্কাত ওমৰাহ ৰীতি-নীতি সম্পূৰ্ণ কৰি মদিনালৈ উভতি আহিছিল।

মক্কাত উমৰাহ ৰীতি-নীতি সম্পূৰ্ণ কৰি বাছেৰে মদিনালৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। নিহত আটাইকেইজন হায়দৰাবাদৰ। অৱশ্যে, শ্বোয়াইবৰ বাহিৰে বাচি নাথাকিল কোনো ভাৰতীয় যাত্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...