চিনেমা পাইৰেচিৰে ছবি নিৰ্মাতাৰ কোটি-কোটি টকাৰ লোকচান কৰোৱা পাইৰেচি গেঙৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

হায়দৰাবাদ আৰক্ষীয়ে এটা বৃহৎ পাইৰেচি নেটৱৰ্ক ধৰা পেলাইছে। iBomma আৰু Bappam টিভিৰ প্ৰতিষ্ঠাপক ইম্মাদি ৰবিক গ্ৰেপ্তাৰ কৰা হৈছে। এই খবৰে দক্ষিণ ভাৰতীয় চিনেমাৰ বহু বিশিষ্ট ব্যক্তিক সকাহ দিছে। ইম্মাদি ৰবিয়ে কোটি কোটি টকাৰ লোকচান কৰিছে অসংখ্য চলচ্চিত্ৰ নিৰ্মাতাৰ। আমেৰিকাকে ধৰি আন দেশৰ সৈতেও সংযোগৰ আছে ৰবিৰ।

মন কৰিবলগীয়া যে, এই পাইৰেচিৰ মাষ্টাৰমাইণ্ড ইম্মাদি ৰবিয়ে পাইৰেচিৰ জৰিয়তে ২০ কোটি টকা উপাৰ্জন কৰিছে, লগতে আৰক্ষীয়েও তেওঁৰ পৰা নগদ ৩ কোটি টকা জব্দ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ৰবিৰ হাতত ২১ হাজাৰ ছবি আৰু ৫০ লাখৰো অধিক লোকৰ তথ্য আছে। ইয়াৰ উপৰিও তেওঁ কেইবাটাও ভুৱা আইডি তৈয়াৰ কৰিছিল আৰু কেৰিবিয়ান দেশৰ পাছপ’ৰ্টো আছিল। পাইৰেচিৰ মাষ্টাৰমাইণ্ড ইম্মাদি ৰবি কোন জানো আহক।

ইম্মাদি ৰবি কোন?

হায়দৰাবাদ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি পাইৰেচি নেটৱৰ্কৰ নেতা ইম্মাদি ৰবিৰ বয়স ৩২ বছৰ আৰু বিশাখাপট্টনমৰ বাসিন্দা। কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ চলচ্চিত্ৰ পাইৰেচিৰ লগত জড়িত হৈ পৰে। ২০১৯ চনৰ পৰা তেওঁ পাইৰেচি ইক’চিষ্টেম গঢ়ি তুলিছে, এই কামৰ পৰা কোটি কোটি টকা উপাৰ্জনো কৰিছে।

আমেৰিকা আৰু ছুইজাৰলেণ্ডৰ সৈতে কি সম্পৰ্ক?

এই ক্ষেত্ৰত আমেৰিকা, নেদাৰলেণ্ড, ছুইজাৰলেণ্ডৰ সৈতেও সংযোগৰ সৃষ্টি হৈছে। আৰক্ষী আয়ুক্ত ভি.চি. সাজ্জনাৰে কয় যে, ইম্মাদি ৰবিয়ে আমেৰিকা, নেদাৰলেণ্ড আৰু ছুইজাৰলেণ্ডৰ চাৰ্ভাৰ ব্যৱহাৰ কৰি চলচ্চিত্ৰ পাইৰেচি চলাইছিল। ৰবিয়ে তেলেগু আৰু অন্যান্য ভাষাৰ ছবিক লক্ষ্য কৰি লৈছিল, মুক্তিৰ কিছু ঘণ্টাৰ ভিতৰতে অনলাইনত লিক কৰিছিল।

১১০টাতকৈও অধিক ডমেইন, এসময়ত ৬৫টা ৱেবছাইট পৰিচালনা কৰিছিল ৰবিয়ে…

iBomma আৰু Bappam টিভিৰ প্ৰতিষ্ঠাপক ইম্মাদি ৰবিয়ে এসময়ত একেলগে ৬৫টা মিৰ’ৰ ছাইট চলাইছিল। শেহতীয়াকৈ মুক্তি পোৱা বহুকেইখন ছবিকো লক্ষ্য কৰি লোৱা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ৰবিয়ে নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে ১১০টাতকৈও অধিক ডমেইন নাম সংগ্ৰহ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...