‘গগনযান’ মিছনলৈ বেছি দূৰ নাই! ডিচেম্বৰত পৰীক্ষামূলক উৎক্ষেপণ; শুভাংশু শুক্লাই ক’লে – ভাৰত সাজু

ভাৰতে মহাকাশলৈ মানুহ পঠিওৱাৰ প্ৰস্তুতি চলাইছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মতে, এই বছৰৰ ডিচেম্বৰত ‘গগনযান’ নামৰ প্ৰকল্পৰ অধীনত এই যানৰ পৰীক্ষামূলক উৎক্ষেপণ হ’ব। সম্প্ৰতি দেশলৈ উভতি অহা মহাকাশচাৰী শুভাংশু শুক্লাই জনাইছে যে, ভাৰতে নিজৰ মানৱবাহী মহাকাশ অভিযানৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত।

ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে নিশ্চিত কৰিছে যে, এই বছৰৰ ডিচেম্বৰ মাহত গগনযানৰ প্ৰাথমিক পৰ্যায়ৰ পৰীক্ষামূলক অভিযান আৰম্ভ হ’ব। আনহাতে, শুভাংশুৱে বৃহস্পতিবাৰে সংবাদ মাধ্যমক জনাইছে যে, ভাৰত এই অভিযানৰ বাবে সকলো দিশৰ পৰা প্ৰস্তুত। তেওঁ কয়, “এয়া আমাৰ বাবে এক বৃহৎ জয়। ইছৰো প্ৰস্তুত, আৰু সমগ্ৰ ভাৰতে এই সপোনক বাস্তৱত পৰিণত কৰিবলৈ সাজু।” ইছৰোৰ আন এজন মহাকাশচাৰী পি বালাকৃষ্ণন নায়াৰেও কয়, “এয়া কোনো সৰু কৃতিত্ব নহয়! আমাৰ সময় আহি পৰিছে। ভাৰত মানৱ মহাকাশ অভিযানৰ বাবে সাজু।”

শুভাংশুৱে সম্প্ৰতি নাছাৰ অ্যাক্সিয়ম-৪ মিছনৰ জৰিয়তে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ১৮ দিন কটাই উভতি আহিছে। সেই অভিজ্ঞতাৰ কথা স্মৰণ কৰি তেওঁ বৰ্তমান প্ৰজন্মক উদ্দেশ্যি কয়, “মই কেতিয়াও ভবা নাছিলোঁ মহাকাশলৈ যাম! যদি মই এইটো কৰিব পাৰোঁ, তেন্তে তোমালোকেও পাৰিবা। আমাৰ গগনযান, ভাৰতীয় মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ লগতে আৰু কেইবাটাও অভিযানৰ পৰিকল্পনা আছে। মনত ৰাখিবা, মহাকাশৰ পৰা চালে ভাৰত এতিয়াও ‘ছাৰে জাহাঁ ছা অচ্ছা’!” ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশুৱে জনাইছে যে, মহাকাশত কটোৱা সেই কেইদিনত তেওঁ বহুতো প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিছে আৰু নতুন বিষয়ৰ জ্ঞান আহৰণ কৰিছে। এই সকলোবোৰ ভৱিষ্যতৰ গগনযান অভিযানত কামত লাগিব বুলি তেওঁৰ বিশ্বাস।

২০১৮ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ প্ৰথম মানৱবাহী গগনযান প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। তৎকালীন ইছৰোৰ অধ্যক্ষ কে শিৱনে জনাইছিল যে, ২০২২ চনত এই অভিযান হ’ব। মহাকাশৰ ৪০০ কিলোমিটাৰ কক্ষপথত মানুহ পঠোৱাৰ পৰিকল্পনাৰ অংশ হিচাপে ইছৰোৱে পৰীক্ষামূলকভাৱে মানৱবিহীন গগনযানো পঠিয়াইছিল। মহাকাশচাৰীসকলক মহাকাশলৈ পঠোৱাৰ পিছত তেওঁলোকক কেনেকৈ নিৰাপদে পৃথিৱীলৈ ঘূৰাই আনিব পাৰি, তাৰো পৰীক্ষা কৰা হৈছিল। তাৰ পিছৰে পৰা গগনযানৰ উৎক্ষেপণ বাৰে বাৰে পিছুৱাই গৈছে। শেষত ইছৰোৱে জনাইছে যে, সকলো ঠিকে-ঠাকে থাকিলে আগন্তুক দুই-এক বছৰৰ ভিতৰত ভাৰতে মহাকাশলৈ মহাকাশচাৰী পঠাব। গগনযানত উঠি মহাকাশলৈ যাত্ৰা কৰিব চাৰিজন মহাকাশচাৰী— বালাকৃষ্ণন নায়াৰ, অঙ্গদ প্ৰতাপ, অজিত কৃষ্ণন আৰু শুভাংশু। এই প্ৰকল্প সফল হ’লে, নিজস্ব প্ৰযুক্তিৰে মহাকাশলৈ মহাকাশচাৰী পঠোৱাৰ দৌৰত আমেৰিকা, ৰাছিয়া, চীনৰ পিছত চতুৰ্থ দেশ হিচাপে ভাৰতৰ নাম যুক্ত হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...