লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে মহাৰাষ্ট্ৰত আৰম্ভ ৰাজনৈতিক অস্থিৰতা


NCPৰ অজিত পাৱাৰ গোটৰ ১৮জনকৈ বিধায়কৰ যোগাযোগ শাৰদ পাৱাৰ গোটেৰে
বৰ্তমান মহাৰাষ্ট্ৰ বিধানসভাত NCPৰ অজিত পাৱাৰ গোটৰ আছে ৪০জনকৈ বিধায়ক
মহাৰাষ্ট্ৰত বিৰোধী পক্ষত আছে NCPৰ শাৰদ পাৱাৰ গোটৰ ১২জনকৈ বিধায়ক
লোকসভা নিৰ্বাচনত NCPৰ শাৰদ পাৱাৰ গোটে জয়লাভ কৰিছে ৮খনকৈ আসনত
NCPৰ অজিত পাৱাৰ গোটে মহাৰাষ্ট্ৰত লাভ কৰিছে মাথোঁ এখন আসনহে
মহাৰাষ্ট্ৰত বিজেপিৰ আসনৰ সংখ্যা ২৩খনৰ পৰা হ্ৰাস পাইছে ৯খনলৈ
ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে উপ-মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্নাবিজে
চলিত বৰ্ষৰ শেষ ভাগত মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন

সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পুনৰ আৰম্ভ হৈছে ৰাজনৈতিক অস্থিৰতা। বিশেষকৈ অজিত পাৱাৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় কংগ্ৰেছ দল চমুকৈ NCPৰ প্ৰায় ১৮জনকৈ বিধায়কে ইতিমধ্যে শাৰদ পাৱাৰ নেতৃত্বাধীন NCP দলৰ সৈতে যোগাযোগ চলোৱাক লৈ সৃষ্টি হৈছে তুমুল চৰ্চাৰ। উল্লেখযোগ্য যে একনাথ সিন্ধে নেতৃত্বাধীন মৰ্চা চৰকাৰত বৰ্তমান অজিত পাৱাৰ নেতৃত্বাধীন NCPৰ ৪০জনকৈ বিধায়ক আছে। কিন্তু শাসকীয় দলৰ NCPৰ বিধায়কসকলৰ একাংশই নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে শাৰদ পাৱাৰ গোটৰ সৈতে যোগাযোগ চলোৱাত ৰাজ্যখনৰ ৰাজনীতিত সৃষ্টি হৈছে অনিশ্চয়তাৰ। কিয়নো বৰ্তমান মহাৰাষ্ট্ৰ বিধানসভাত শাৰদ পাৱাৰ নেতৃত্বাধীন NCPৰ আছে ১২জনকৈ বিধায়ক। অজিত পাৱাৰ গোটৰ একাংশ বিধায়কে শাসকীয় পক্ষক সমৰ্থন ত্যাগ কৰি শাৰদ পাৱাৰ গোটক সমৰ্থন দিলে শক্তি হ্ৰাস পাব অজিত পাৱাৰ গোটৰ। তাৎপৰ্যপূৰ্ণভাৱে শেহতীয়া লোকসভা নিৰ্বাচনত শাৰদ পাৱাৰ নেতৃত্বাধীন NCP দলে ৮খনকৈ আসন লাভ কৰাৰ বিপৰীতে অজিত পাৱাৰ নেতৃত্বাধীন NCP দলে লাভ কৰিছে মাথোঁ এখন আসনহে। ইয়াৰ পিছতেই NCPৰ দুয়োটা গোটৰ মাজত আৰম্ভ হৈছে টনা–আজোৰাৰ ৰাজনীতি। শাসকীয় দলক সমৰ্থন দিয়া অজিত পাৱাৰক আৰু অধিক দুৰ্বল কৰি তোলাৰ বাবে বিপৰীত পক্ষৰ পৰা একাংশ বিধায়কক শাৰদ পাৱাৰ গোটত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাইছে দলটোৰ নেতৃত্বই। অৱশ্যে দলৰ কোনো বিধায়কে শাৰদ পাৱাৰ গোটত যোগ নিদিয়ে বুলি স্পষ্টীকৰণ দিছে অজিত পাৱাৰ গোটৰ নেতৃত্বক। NCP দলৰ দুই গোটৰ মাজত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতেই মহাৰাষ্ট্ৰত বিজেপি দলৰ বিপৰ্যয়ৰ দায়িত্ব স্বীকাৰ কৰি ইতিমধ্যে উপমুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে বিজেপি নেতা দেবেন্দ্ৰ ফাৰ্নাবিজে। মহাৰাষ্ট্ৰত এইবাৰ পূৰ্বৰ ২৩খন আসনৰ পৰা ৯খন আসনলৈ হ্ৰাস পাইছে বিজেপিৰ আসনৰ সংখ্যা। উল্লেখযোগ্য যে চলিত বৰ্ষৰ শেষ ভাগতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। ইয়াৰ বিপৰীতে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটক NDAত অন্তৰ্ভুক্ত কৰিবলৈ পুনৰ তৎপৰতা চলাইছে বিজেপিয়ে। সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত ৯খনকৈ আসন লাভ কৰিছে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটে।

3 COMMENTS

  1. I don’t think the title of your article matches the content lol. Just kidding, mainly because I had some doubts after reading the article.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আছু-উন্নতি সভা-অসম সেনাৰ আহ্বানত ১৮ মাৰ্চত ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল

অসমৰ ভৱিষ্যৎ ৰক্ষাৰ্থে, অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে সদৌ অসম...

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত আজীৱন বসবাস কৰিব নোৱাৰিব! মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ বক্তব্যত উদ্বেগ

গ্ৰীণ কাৰ্ড থাকিলেও আমেৰিকাত স্থায়ীভাৱে অনিৰ্দিষ্টকাললৈ বসবাস কৰাৰ সুবিধা...

বিয়াৰ বাবে ১ লাখ টকাৰ সাহায্য আৰু মেধাৱী কন্যাৰ বাবে স্কুটী

'বেটী বচাও বেটী পঢ়াও' আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...