বৰ্তমানৰ চৰকাৰে কোনো বিভেদ নৰখাকৈ সকলোকে লগত লৈ সকলোৰে বিকাশৰ বাবে কাম কৰিছে : সিংহল

‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অধীনত গোৱালপাৰা জিলাত মাইক্ৰফাইনেন্স ঋণৰ দেয়কবিহীন প্ৰমাণপত্ৰ, বানপানীত ক্ষতিগ্ৰস্তলৈ আৰ্থিক সাহায্য আৰু ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগীলৈ প্ৰাৰম্ভিক মূলধন প্ৰদানৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত গোৱালপাৰা জিলাৰ বাবে অসম মাইক্ৰফাইনেন্স উদগণি আৰু সকাহ আঁচনিৰ তৃতীয়বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীক দেয়কবিহীন (ন’ ডিউজ) প্ৰমাণপত্ৰ, ২০২৪ বৰ্ষৰ বানপানীত ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ বেংক একাউণ্টলৈ পোনপটীয়া সাহায্য আৰু ‘প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনি’ৰ অধীনত আত্ম-সহায়ক গোটলৈ প্ৰাৰম্ভিক মূলধন প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পথাৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কেইগৰাকীমান হিতাধিকাৰীক ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰী দেয়কবিহীন (ন’ ডিউজ) প্ৰমাণপত্ৰ, বান ক্ষতিগ্ৰস্তৰ বাবে আৰ্থিক সাহায্যৰ প্ৰতীকী চেক আৰু আত্মসহায়ক গোটলৈ প্ৰ্ৰাৰম্ভিক মূলধন প্ৰদানৰ প্ৰতীকী অনুমোদন পত্ৰ প্ৰদানেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

অনুষ্নত ভাষণ দি মন্ত্ৰী সিংহলে কয় যে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে অসম চৰকাৰে হাতত লোৱা ‘বিকাশৰ ১২ দিন’ শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ১১ লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’ব৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশৰ ১২ দিন কাৰ্যসূচীৰ এই সময়ছোৱাত মন্ত্ৰীসভাৰ প্ৰতিগৰাকী সদস্যই ৰাজ্যৰ বিভিন্ন জিলালৈ গৈ মাইক্ৰ’ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী মহিলাসকলক ঋণ ৰেহাই অথবা সকাহ প্ৰদান, চলিত বৰ্ষৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য প্ৰদান আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত আত্ম-সহায়ক গোটৰ মহিলাসকলক সাহায্য বিতৰণৰ বাবে প্ৰয়াস চলাইছে৷ এই সময়ছোৱাত বিধ্বংসী বানে ক্ষতিগ্ৰস্ত কৰা ৰাজ্যৰ ৬,৮৬,৪৮৭ টা পৰিয়াললৈ ৩৫৩ কোটি টকা বান সাহায্য হিচাপে বেংক একাউণ্টলৈ আগবঢ়োৱা হ’ব। আজিৰ অনুষ্ঠানত গোৱালপাৰা জিলাৰ ৪ গৰাকী হিতাধিকাৰীক ৪,৮০,০০০ টকাৰ বান সাহায্য প্ৰদান কৰা হয়।

তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি মাইক্ৰফাইনেন্সৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰিছে৷ আজিৰ অনুষ্ঠানত গোৱালপাৰা জিলাৰ ৪২৯ গৰাকী মহিলাই এনে ন’ ডিউজ প্ৰমাণপত্ৰ লাভ কৰে। তেওঁ আৰু কয় যে এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনিৰ জৰিয়তে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহৰ ৬৪৯০ গৰাকী নিৰ্বাচিত সদস্যাক ২১.৯০ কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াইছে। আজিৰ অনুষ্ঠানত গোৱালপাৰা জিলাৰ ২২৪ গৰাকী হিতাধিকাৰীয়ে এই প্ৰাৰম্ভিক মূলধন লাভ কৰিছে বুলি তেওঁ জানিবলা দিয়ে।

মন্ত্ৰী সিংহলে কয় যে সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ যিসকল মহিলাই ২৫ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছিল, কিন্তু কভিদকালীন পৰিস্থিতি বা অন্যান্য কাৰণত ঋণ ঘূৰাই দিব পৰা নাছিল তেওঁলোকৰ ঋণ বেংকত ওভতাই দি দেয়কবিহীন অৰ্থাৎ ন’ ডিউজ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে বাস্তৱায়িত কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই পদক্ষেপৰ ফলত অসমৰ ১৬ লাখ মহিলা ঋণমুক্ত হ’বলৈ সক্ষম হৈছে। ৰাজ্য চৰকাৰে অসমত নৱ নিৰ্মাণৰ নতুন প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বে বানপানীত ক্ষতিগ্ৰস্ত ৰাইজে সাহায্যৰ বাবে বছৰৰ পাছত বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল আৰু এনে সাহায্যৰো বেছিভাগেই দালালে আত্মসাৎ কৰিছিল। কিন্তু বৰ্তমানৰ চৰকাৰে মথাউৰি ভঙাৰ পিছত বানপানীৰ সময়তে তাক মেৰামতি কৰাৰ লগতে ২ মাহৰ ভিতৰতে বান ক্ষতিগ্ৰস্তসকলক সাহায্য দি এক নজিৰ স্থাপন কৰিছে বুলি বুলি তেওঁ মন্তব্য কৰে৷

গোৱালপাৰা জিলাৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অভিভাৱক মন্ত্ৰী হিচাপে প্ৰতিনিয়ত চেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ চৰকাৰে কোনো বিভেদ নৰখাকৈ সকলোকে লগত লৈ সকলোৰে বিকাশৰ বাবে কাম কৰিছে। সেয়ে শাসকীয় দলৰ কোনো প্ৰতিনিধি নথকাৰ পাছতো কোনো এখন আঁচনিতে গোৱালপাৰাৰ জিলাৰ ৰাইজ এধানিমানো বঞ্চিত হব লগা হোৱা নাই। পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰে জিলাখনৰ ৮৩ খন বিদ্যালয়ৰ জৰাজীৰ্ণ গৃহৰ মেৰামতি কৰি ন-ৰূপ প্ৰদান কৰি হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে বান প্ৰভাৱিত ৫ খন বিদ্যলয়ৰ বাহিৰে জিলাখনৰ প্ৰতিখন বিদ্যালয়তে ছোৱালীৰ বাবে সুকীয়া প্ৰস্ৰাৱগাৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে।

আজি পুৱাৰ ভাগত গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ কথা উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে চিকিৎসালয়খনত সন্তান প্ৰসৱৰ বাবে অহা মহিলাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালেই এখন ১০০ খন বিছনাযুক্ত প্ৰসুতি আৰু শিশু চিকিৎসালয় নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ্কটৰোগীৰ প্ৰযত্নৰ বাবে জিলাখনত এক প্ৰতিষ্ঠানো অহা বছৰৰ পৰাই আৰম্ভ হব বুলি তেওঁ জানিবলৈ দিয়ে। গোৱালপাৰা জিলাক চিকিৎসাৰ এক উন্নত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে অহা দুবছৰৰ ভিতৰত জিলাখনৰ চিকিৎসা ব্যৱস্থাৰ উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে।

আজিৰ অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, এপিডিচিএলৰ সঞ্চালক ডঃ কাশ্যপ প্ৰকাশ, গোৱালপাৰা আৰু লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি মহানন্দ পাঠক আৰু ৰাজেশ প্ৰসাদ গুপ্তাৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী ৰাইজ উপস্থিত থাকে।

Popular

More like this
Related

JIO, BSNL, Airtel, VIৰ গ্ৰাহকসকলৰ বাবে সুখবৰ

TRAIয়ে আনিলে নতুন নিয়ম JIO ছিমখন ৰিচাৰ্জ নকৰাকৈয়ে ৯০ দিন...

গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬ জনকৈ যুৱক

এইবাৰ গো মাংসৰে বনভোজ খাই আৰক্ষীৰ জালত পৰিল ৬...

‘IIT বাবা’ক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পিতৃৰ

প্ৰয়াগৰাজত এতিয়া হাজাৰ হাজাৰ ভক্তৰ সমাগম। মহাকুম্ভমেলা আৰম্ভ হোৱাৰ...

আল্লু অৰ্জুনৰ ‘পুষ্পা 3’ৰ নায়িকা হ’ব মনালিছা!

কুম্ভ মেলাৰ পৰা আল্লু অৰ্জুনৰ নায়িকালৈ। ইন্দোৰৰ ছোৱালীজনীৰ চকুৰ...